Your Mic Your Voice

আলুৰ বস্তাৰ তলত গোপন চেম্বাৰত মহ সৰবৰাহ

0

ধুবুৰী: ধুবুৰীৰ বালাজানত আজি এখন মহভৰ্তি ট্ৰাক পুখুৰীত বাগৰি পৰাৰ পিছত অবৈধভাৱে মহ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে। দুৰ্ঘটনাৰ পিছত স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে চলোৱা উদ্ধাৰ অভিযানত এতিয়ালৈকে ১৬টা মহ উদ্ধাৰ কৰা হৈছে। ইয়াৰে ৮টা মহৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে আন ৮টা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে, অসম-পশ্চিমবংগ সীমান্তৰ ছাগলীয়াৰ পৰা ধুবুৰী অভিমুখে আহি আছিল AS 28AC 0420 নম্বৰৰ এখন ট্ৰাক। প্ৰথম অৱস্থাত বাহনখনত আলুৰ বস্তা কঢ়িওৱা বুলি দেখুওৱা হৈছিল। কিন্তু বালাজানৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত তীব্ৰ বেগত অহা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা পুখুৰীত বাগৰি পৰে।

দুৰ্ঘটনাৰ পিছতে ট্ৰাকখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।

unimex

ইফালে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰি আলুৰ বস্তাৰ তলত থকা বিশেষভাৱে নিৰ্মাণ কৰা গোপন চেম্বাৰৰ সন্ধান পায়। সেই চেম্বাৰৰ ভিতৰত অতি অমানৱীয়ভাৱে মহসমূহক কঢ়িয়াই নিয়া হৈছিল বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ পাই বালাজান আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী আৰু স্থানীয় ৰাইজৰ যৌথ প্ৰচেষ্টাত ট্ৰাকখনৰ ভিতৰৰ পৰা মহসমূহ উদ্ধাৰ কৰা হয়। উদ্ধাৰ অভিযান অব্যাহত থকাৰ ফলত মৃত মহৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন জব্দ কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। সীমান্ত অঞ্চলৰ পৰা এইদৰে অবৈধভাৱে মহ সৰবৰাহৰ আঁৰত কোন জড়িত আৰু সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষণীয়।

Leave A Reply

Your email address will not be published.

Translate »