ধেমাজিৰ তিনিটা সমষ্টিত প্ৰকাশ পালে ২০২৭ৰ খচৰা ভোটাৰ তালিকা!
বৃহস্পতিবাৰে ধেমাজি জিলা আয়ুক্তৰ নিৰ্বাচনী বিভাগে জিলাখনৰ ধেমাজি, চিচিবৰগাঁও আৰু জোনাই সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিলে ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত জোনাইৰ আয়ুক্ত জয়ন চৰণ, ধেমাজিৰ নিৰ্বাচনী বিষয়া চয়নিকা বুঢ়াগোহাঁইকে ধৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
সভাত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবীৰে খচৰা তালিকা প্ৰকাশ কৰি ১২ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰৰ ভিতৰত কোনো অভিযোগ-আপত্তি থাকিলে জনাবলৈ সকলোকে আহ্বান জনায়।
