Your Mic Your Voice

ফ্লাভিঅ’ বলছোনাৰোক আমেৰিকালৈ অহাৰ অনুমোদন দিব ট্ৰাম্পে; কয়, ব্ৰাজিলৰ নিৰ্বাচন আছিল ‘অতি অদ্ভুত’

0

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয়ৰ পিছতে দেশ এৰি আমেৰিকা লৈ যোৱা ছিনেটৰ ফ্লাভিঅ’ বলছোনাৰোক আমেৰিকাত প্ৰৱেশৰ অনুমোদন দিয়াৰ কথা সদৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

বুধবাৰে টেক্সাছৰ পৰা নিৰ্বাচনী প্ৰচাৰ সামৰি Joint Base Andrews ত উপস্থিত হৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, “Well, I would approve. তেওঁলোক ভাল মানুহ। নিৰ্বাচনটো অতি অদ্ভুত আছিল আৰু মই ভাবো সেয়া ভয়ানক আছিল।”

unimex

উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বাওঁপন্থী নেতা লুইজ ইনাছিঅ’ লুলা ডা ছিলভাৰ হাতত পৰাজিত হয় ফ্লাভিঅ’ বলছোনাৰো। পৰাজয়ৰ পিছতো তেওঁ এতিয়ালৈকে হাৰ স্বীকাৰ কৰা নাই। আনহাতে ধন সৰবৰাহৰ এক গোচৰত উচ্চতম ন্যায়ালয়ে পাছপ’র্ট জমা দিবলৈ নিৰ্দেশ দিয়াৰ পিছতো তেওঁ পাছপ’র্ট জমা নিদি দেশ এৰি যায়। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ইতিমধ্যে তেওঁ আৰু তেওঁৰ পৰিয়ালক ভিছা দিয়াৰ কথা নিশ্চিত কৰিছে।

ট্ৰাম্পে লগতে কয়, “মই কোনো পক্ষ লোৱা নাই। মই দুয়োকে চিনি পাওঁ। লুলাক চিনি পাওঁ, ফ্লাভিঅ’ক অলপ চিনি পাওঁ, তেওঁৰ দেউতাকক খুব ভালকৈ চিনি পাওঁ। দেউতাকৰ লগত বহুত বেয়া ব্যৱহাৰ কৰা হৈছিল।” প্রাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছোনাৰোৰ কথা উল্লেখ কৰি ট্ৰাম্পে এই মন্তব্য কৰে।

সূত্ৰ অনুসৰি ফ্লাভিঅ’ বৰ্তমান ফ্ল’ৰিডাত আছে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.

Translate »