Flydubai কাণ্ড: প্ৰাৰ্থনা কৰিম বুলি কৈ সহ-পাইলটৰ আক্ৰমণ, হিৰো হ’ল ভাৰতীয় কেপ্তেইন
ভাৰতীয় ফ্লাইদুবাই কেপ্তেইন স্মিত মাছাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক অক্টোবৰ ৩ তাৰিখে ভিডিঅ’ কলত ভয়ংকৰ কাহিনীটো জনালে – FZ1073 দুবাইৰ পৰা তেল আভিভলৈ যোৱা বিমানখনত ছেপ্টেম্বৰ ৩০ তাৰিখে কি হৈছিল।
“এইটো এটা সাধাৰণ উৰণ আছিল। সহ-পাইলটে প্ৰাৰ্থনা কৰিব বিচাৰিছিল। এইটো অস্বাভাৱিক নাছিল”- মাছাৰে ক’লে যে তেওঁ সন্মানৰ বাবে সন্মুখলৈ চাই আছিল, যেতিয়া তেওঁৰ ওমানী সহ-পাইলট হামাম আল-হামামীয়ে তেওঁৰ পিছফালে প্ৰাৰ্থনা কৰি আছিল।
“হঠাৎ ৪-৫ মিনিটৰ পাছত মোৰ মূৰৰ পিছফালে এটা ডাঙৰ আঘাত পালোঁ। মোৰ প্ৰথমে ভাৱ হ’ল বিমানখনৰ ভয়ংকৰ কিবা ক্ষতি হৈছে… কিন্তু তাৰ পাছত আঘাতবোৰ আহি থাকিল, এটাৰ পাছত এটা। তেতিয়াহে বুজিলোঁ যে এয়া বিমান নহয়, মোৰ লগত ককপিটত থকা মানুহজনহে”*

মাছাৰে কৈছে যে প্ৰথম আঘাতৰ পাছত তেওঁৰ দৃষ্টি শক্তি প্ৰায় নোহোৱা হৈ গৈছিল আৰু তেওঁ বিমানখন তললৈ সোমাই যোৱা অনুভৱ কৰিছিল। তেওঁক ককপিটত থকা ক্ৰেছ এক্স (কুঠাৰ) এখনেৰে আক্ৰমণ কৰা হৈছিল।
তেওঁ এবাৰ ককপিটৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিল, সহ-পাইলটে আকৌ বন্ধ কৰি দিছিল। মজিয়াত পৰি যাত্ৰীৰ চিঞৰ শুনি শেষ শক্তিৰে তেওঁ দুৱাৰখন খুলি দিছিল, তাৰ পাছত যাত্ৰী আৰু ক্ৰু ভিতৰলৈ সোমাই আহি বিমানখনৰ নিয়ন্ত্ৰণ লৈ চৌদি আৰবৰ তাবুকত জৰুৰী অৱতৰণ কৰাইছিল।
নেতানিয়াহুৱে তেওঁক প্ৰশংসা কৰি কৈছে – “তুমি বহু প্ৰাণ ৰক্ষা কৰিলা”- আৰু ইজৰাইলৰ পৰৱৰ্তী স্বাধীনতা দিৱসত মশাল প্ৰজ্বলনৰ বাবে মাছাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনাইছে।