গান্ধী জয়ন্তী 2026 – ইতিহাস, তাৎপৰ্য আৰু উদযাপন
ভাৰতৰ ইতিহাসত ২ অক্টোবৰ দিনটো এক অতি পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে ভাৰতৰ জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধীৰ জন্ম হৈছিল। প্ৰতি বছৰে সমগ্ৰ দেশতে এই দিনটো গান্ধী জয়ন্তী হিচাপে অতি শ্ৰদ্ধাৰে পালন কৰা হয়।
গান্ধীজীৰ জন্ম আৰু প্ৰাৰম্ভিক জীৱন
১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পৰবন্দৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কৰমচান্দ গান্ধী আৰু মাতৃৰ নাম পুতলীবাই। সৰুৰে পৰাই তেওঁ সত্যবাদী আছিল। লণ্ডনত আইনৰ শিক্ষা লৈ তেওঁ দক্ষিণ আফ্ৰিকাত গৈ বৰ্ণ বৈষম্যৰ বিৰুদ্ধে প্ৰথম সত্যাগ্ৰহ আৰম্ভ কৰিছিল।
স্বাধীনতা সংগ্ৰামত গান্ধীজীৰ ভূমিকা
ভাৰতলৈ ঘূৰি আহি গান্ধীজীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব লয়। তেওঁৰ নেতৃত্বত হোৱা প্ৰধান আন্দোলন সমূহ হ’ল:
১. অসহযোগ আন্দোলন (১৯২০)
২. আইন অমান্য আন্দোলন আৰু দাণ্ডী যাত্ৰা (১৯৩০)
৩. ভাৰত ত্যাগ আন্দোলন (১৯৪২)

তেওঁ কেতিয়াও অস্ত্ৰ হাতত লোৱা নাছিল। সত্য আৰু অহিংসাই আছিল তেওঁৰ প্ৰধান অস্ত্ৰ।
গান্ধী জয়ন্তী কেনেকৈ পালন কৰা হয়?
এই দিনটোত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰে। নতুন দিল্লীৰ ৰাজঘাটত থকা গান্ধী সমাধিত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি সকলো নেতাই শ্ৰদ্ধাঞ্জলি জনায়। বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ত গান্ধীজীৰ প্ৰিয় ভজন “ৰঘুপতি ৰাঘৱ ৰাজাৰাম” গোৱা হয়। লগতে ৰচনা প্ৰতিযোগিতা, চাফাই অভিযান আদি কৰা হয়।
গান্ধী জয়ন্তীৰ তাৎপৰ্য
ৰাষ্ট্ৰসংঘই ২০০৭ চনৰ পৰা ২ অক্টোবৰক আন্তৰ্জাতিক অহিংসা দিৱস (International Day of Non-Violence)হিচাপে পালন কৰি আহিছে। গান্ধীজীৰ আদৰ্শ – সৰল জীৱন, উচ্চ চিন্তা, স্বাৱলম্বন আজিও আমাৰ বাবে প্ৰেৰণা।
উপসংহাৰ
মহাত্মা গান্ধী কেৱল এজন ব্যক্তি নাছিল, তেওঁ আছিল এক আদৰ্শ। এই গান্ধী জয়ন্তীত আমি সকলোৱে তেওঁৰ দেখুওৱা সত্য, অহিংসা আৰু প্ৰেমৰ পথ অনুসৰণ কৰাৰ সংকল্প লওঁ আহক।