বেংগালুৰুত নৱ-নিৰ্মিত অসম ভৱন মুকলি, উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
শুকুৰবাৰে বেংগালুৰুত নৱ-নিৰ্মিত অসম ভৱনৰ দুৱাৰ মুকলি হ’ল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ভৱনটো।
মুখ্যমন্ত্ৰীয়ে কয় – বেংগালুৰুলৈ পঢ়া-শুনা, চিকিৎসা বা কামৰ বাবে যোৱা অসমীয়াই যাতে নিজৰ ঘৰৰ দৰে অনুভৱ কৰে, সেই উদ্দেশ্যেৰে এই ভৱন সজা হৈছে।

১৬,০০০ বৰ্গমিটাৰত নিৰ্মিত, ব্যয় ৭১ কোটি টকা। ২৬ টা মিনি ছুইট, ৩৬ টা ডাবল বেডৰ কোঠা, ৫ টা মিটিং হল, লাইব্ৰেৰী আৰু ৱেটিং লাউঞ্জ আছে।
তেওঁ জনায়, ২০০৮ চনত অনুমোদন পোৱা প্ৰকল্পটো কৰ্ণাটক ৰাজহ বিভাগৰ খেলিমেলিৰ বাবে ২০১৬ ত বাতিল হৈছিল। পিছত সমস্যা আঁতৰাই ২০২২ ৰ পৰা পুনৰ কাম আৰম্ভ হয়।
বৰ্তমান দিল্লী (২টা), মুম্বাই, কলকাতা, চেন্নাই, শ্বিলং, ভেলোৰত অসম ভৱন আছে। নৱেম্বৰ-ডিচেম্বৰত দিল্লীৰ আৰু দুটা নতুন ভৱন মুকলি হ’ব। মুম্বাই, কলকাতাত কাম চলি আছে। পৰৱৰ্তী লক্ষ্য – আহমেদাবাদ, পুনে আৰু গয়া।