ৰাহুলৰ ভোট চুৰিৰ অভিযোগক নস্যাৎ কৰিলে ৰাজনাথ সিঙে, ক’লে – অভিযোগ ভিত্তিহীন
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বিৰোধীৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কংগ্ৰেছ আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক কঠোৰ ভাষাৰে সমালোচনা কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
ৰাজনাথ সিঙে কয় যে ৰাহুল গান্ধীয়ে অনা ভোট চুৰি আৰু ভুৱা ভোটাৰৰ অভিযোগৰ কোনো ভিত্তি নাই। এই অভিযোগক তেওঁ এক ৰাজনৈতিক নাটক বুলি অভিহিত কৰে। ৰাহুলে এই অভিযোগক ‘হাইড্ৰজেন বোমা’ বুলি ক’লেও ইয়াৰ আঁৰত কোনো প্ৰমাণ নাই বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে।
তেওঁ লগতে অভিযোগ কৰে যে কংগ্ৰেছে যুৱ প্ৰজন্মক ব্যৱহাৰ কৰি দেশত অস্থিৰতা সৃষ্টি কৰিব বিচাৰিছে। বাংলাদেশৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰি অসাংবিধানিকভাৱে চৰকাৰ সলনি কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও তেওঁ মন্তব্য কৰে।

হাতত সংবিধান লৈ ফুৰা ৰাহুল গান্ধীয়ে নিজেই নিৰ্বাচন আয়োগৰ দৰে সাংবিধানিক অনুষ্ঠানৰ ওপৰত প্ৰশ্ন তুলি অৰাজকতাৰ সৃষ্টি কৰিব বিচাৰিছে বুলি ৰাজনাথ সিঙে কয়।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, “১৯৮৪-৮৫ৰ পিছত কংগ্ৰেছে আজিলৈকে একক সংখ্যাগৰিষ্ঠতা পোৱা নাই। এয়া ভোট চুৰি নহয়, এয়া কংগ্ৰেছৰ কাম-চুৰি আৰু ব্যৰ্থতা।”
উল্লেখযোগ্য যে The Indian Express-ত নিৰ্বাচন আয়োগক লৈ প্ৰকাশিত এক প্ৰতিবেদনৰ পিছতে বিৰোধী ঐক্যবদ্ধ হৈছে আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগ দাবী কৰিছে। আনহাতে বিজেপিয়ে পাল্টা অভিযোগ কৰিছে যে নিৰ্বাচনত পৰাজয়ৰ হতাশা ঢাকিবলৈ বিৰোধীয়ে সাংবিধানিক অনুষ্ঠানক টাৰ্গেট কৰিছে।