Your Mic Your Voice

বাংলাদেশত প্ৰাক্তন বায়ুসেনা বিষয়াৰ মৃতদেহ উদ্ধাৰ – ৰহস্য

0

ঢাকাৰ তুৰাগ নদীৰ পৰা বাংলাদেশৰ প্ৰাক্তন বায়ুসেনাৰ ফ্লাইট লেফটেনেণ্ট KM Tahsif Souri (২৮) ৰ মৃতদেহ উদ্ধাৰ।

কি হৈছিল?

২৮ অক্টোবৰত আবেলি ৪.৩০ বজাত ৰাজাবাৰী ঘাটত এটা মৃতদেহ ওপঙি থকা বুলি ৯৯৯ ত খবৰ আহে। টংগী নদী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। প্ৰথমে পৰিচয় পোৱা নাছিল, পিছত পকেটত থকা iPhone আৰু হাতৰ ঘড়ীৰ পৰা পৰিচয় নিশ্চিত হয়। তেওঁ ক’লা চাৰ্ট আৰু বগা পেণ্ট পিন্ধি আছিল। মৃতদেহ Shaheed Suhrawardy Medical College লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে।

unimex

কিয় চৰ্চাত?

Tahsif Souri সেইজন বিষয়া বুলি কোৱা হয় যিয়ে ৫ আগষ্ট ২০২৪ ত শ্বেখ হাছিনাই বায়ুসেনাৰ বিমানেৰে বাংলাদেশ এৰি যোৱাৰ ভিডিঅ’টো ৰেকৰ্ড কৰিছিল। সেই ভিডিঅ’টো ভাইৰেল হৈছিল। ইয়াৰ পিছত ২০২৪ ৰ আগষ্টতে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল আৰু তেওঁ চোৰাংচোৱাৰ নজৰত আছিল।

পৰিয়ালে হত্যাৰ অভিযোগ আনিছে। তেওঁৰ খুলীয়েক Moshfeka Jahan এ কৈছে যে ভিডিঅ’টোৰ বাবেই তেওঁক হাৰাশাস্তি কৰা হৈছিল।

আৰক্ষীয়ে কৈছে বাহিৰত কোনো আঘাতৰ চিন নাই, কিন্তু মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে গম পোৱা যাব। গৃহমন্ত্ৰী Salahuddin Ahmed এ এই বিষয়ত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »