ভূটানত হিমবাহ হ্ৰদ বিস্ফোৰণ, অসম-উত্তৰবংগত বানপানীৰ হাই এলাৰ্ট
ভূটানৰ উত্তৰ প্ৰান্তত যোৱা নিশা এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হৈছে। ভূটানৰ গাছা জিলাৰ শিনটাফু (Shintaphu) হিমবাহ হ্ৰদটো ফাটি যোৱাৰ ফলত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে।
ভূটানৰ ১৭ টা অতি বিপদজনক হ্ৰদৰ তালিকাত থকা এই হ্ৰদটোৰ পৰা প্ৰায় ৭৪ লাখ ঘনমিটাৰ পানী একে লগে ওলাই আহে। এই পানীয়ে Mo Chhu নদীত প্ৰৱেশ কৰি প্ৰচণ্ড ৰূপ ধাৰণ কৰে।
ভূটানত ক্ষয়-ক্ষতি:
ভূটানৰ বিখ্যাত পৰ্যটন স্থলী Gasa Tshachu গৰম পানীৰ প্ৰস্ৰৱণৰ সমগ্ৰ আন্তঃগাঁথনি এই বানে উটুৱাই নিয়ে। লগতে Punakha-Gasa ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ডাঙৰ অংশ সম্পূৰ্ণৰূপে খহি যায় আৰু ২ খন বেইলী দলং ভাঙি যায়। অৱশ্যে এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই বুলি ভূটান চৰকাৰে জনাইছে।

অসম আৰু পশ্চিমবংগত কিয় আতংক?
Mo Chhu নদীয়ে তললৈ বৈ আহি Punatsangchhu হয়, আৰু ভাৰতত সোমায়ে ই সংকোশ নদী নাম লয়। এই সংকোশ নদীয়ে অসম-পশ্চিমবংগ সীমাৰে বৈ যায়। সেয়ে ইয়াৰ পানী বাঢ়িলে দুয়ো ৰাজ্যতে বিপদ।
ইতিমধ্যে কেন্দ্ৰীয় জল আয়োগে (CWC) আলিপুৰদুৱাৰ আৰু ধুবুৰীৰ বাবে বিশেষ বান সতৰ্কবাৰ্তা জাৰি কৰিছে। পশ্চিমবংগৰ আলিপুৰদুৱাৰ, কোচবিহাৰ, জলপাইগুৰী আৰু অসমৰ ধুবুৰী, কোকৰাঝাৰ জিলাত হাই এলাৰ্ট দিয়া হৈছে। নদীৰ পাৰৰ প্ৰায় ১০ হাজাৰ লোকক নিৰাপদ স্থানলৈ আঁতৰোৱা হৈছে।
প্ৰশাসনে জনাইছে যে আজি পুৱা ৬.৩০ বজালৈকে সংকোশ নদীৰ জলস্তৰ স্থিৰ হৈ আছে যদিও সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাইছে।