এক্সন মুডত অসম আৰক্ষী
গুৱাহাটী: জালিয়াতি, ধন দাবী, ভুৱা পৰিচয় আৰু দালালি চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শনিবাৰে পুৱাৰে পৰা ৰাজ্যজুৰি ব্যাপক অভিযান চলায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পুৱা ৩ বজাৰ পৰা আৰম্ভ হোৱা এই অভিযানত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে প্ৰায় ৩৩০জন সন্দেহযুক্ত লোকক চিনাক্ত কৰি আটক কৰা হৈছে।
অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিত সিঙে সংবাদমেলত প্ৰকাশ কৰা অনুসৰি, আৰক্ষীয়ে কাৰিকৰী বিশ্লেষণৰ জৰিয়তে বিভিন্ন ডিজিটেল সংযোগ অনুসৰণ কৰি এইসকল লোকৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে। জিলাভিত্তিক হিচাপত কাছাৰ জিলাত সৰ্বাধিক লোকক আটক কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
আৰক্ষীৰ মতে, একাংশ সন্দেহযুক্ত দালালে আৰক্ষী থানালৈ অহা লোকক লক্ষ্য কৰি তেওঁলোকৰ গোচৰ বা প্ৰশাসনিক কাম-কাজ সহজ কৰি দিয়াৰ নামত সহায়ৰ প্ৰস্তাৱ দিয়ে। আন একাংশই নিজকে ডিএছপি, অধিবক্তা অথবা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে পৰিচয় দি ফোনযোগে লোকক ভয়-ভাবুকি দিয়াৰ অভিযোগ উঠিছে।
আৰক্ষীৰ মতে, কিছুমান ক্ষেত্ৰত গোচৰ নিষ্পত্তি কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন দাবী কৰা হৈছিল। আনকি ‘ডিজিটেল এৰেষ্ট’ৰ দৰে পদ্ধতি অনুসৰণ কৰি স্থানীয় পৰ্যায়ত গ্ৰেপ্তাৰৰ ভয় দেখুৱাই ধন আদায়ৰ চেষ্টা চলোৱাৰো অভিযোগ পোৱা গৈছে।

ডিজিপি হৰমিত সিঙে কয় যে বৰ্তমানেও তদন্ত আৰু আইনী প্ৰক্ৰিয়া অব্যাহত আছে। আটকাধীন প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে অভিযোগৰ প্ৰকৃতি তদন্তৰ পিছতহে স্পষ্ট হ’ব। তেওঁ লগতে সতৰ্ক কৰি দিয়ে যে কোনো এটা মোবাইল নম্বৰ যাৰ নামত পঞ্জীয়নভুক্ত, সেই একেজন ব্যক্তিয়েই সংশ্লিষ্ট WhatsApp একাউণ্ট ব্যৱহাৰ কৰি আছে বুলি ধৰি ল’ব নোৱাৰি। সেয়ে প্ৰতিটো ঘটনাত পৃথকভাৱে সত্যতা পৰীক্ষা কৰা হ’ব।
আৰক্ষীৰ তদন্তত আন এক গুৰুত্বপূৰ্ণ তথ্যও পোহৰলৈ আহিছে। অভিযানত চিনাক্ত হোৱা একাংশ লোক অসমৰ বাহিৰত অৱস্থান কৰি থকাৰ তথ্য লাভ কৰা হৈছে। তেওঁলোকৰ ছিম কাৰ্ডৰ অৱস্থান হায়দৰাবাদ, বেংগালুৰু আদি চহৰৰ সৈতে সংযুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ বাহিৰত থকা অভিযুক্তসকলকো অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ’ব বুলি ডিজিপিয়ে প্ৰকাশ কৰে।
শদিয়া, মাজুলী আৰু আন কেইটামান অঞ্চল বাদ দি ৰাজ্যখনৰ প্ৰায় সকলো অঞ্চলতে এই অভিযান চলোৱা হৈছে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৰাজ্যজুৰি এই অভিযান এতিয়াও অব্যাহত আছে আৰু আগন্তুক সময়ত আৰু অধিক লোকক আটক কৰাৰ সম্ভাৱনা আছে। আৰক্ষীৰ মূল লক্ষ্য হৈছে ভয়-ভাবুকি, ভুৱা পৰিচয়, দালালি আৰু জালিয়াতিৰ জৰিয়তে সাধাৰণ নাগৰিকক প্ৰতাৰণা কৰা চক্ৰসমূহ চিনাক্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰা।