Your Mic Your Voice

ছোৱালী সহপাঠীৰ সৈতে বন্ধুত্বৰ বিবাদক লৈ নৱম শ্ৰেণীৰ ছাত্ৰক ছুৰিকাঘাত

0

নতুন দিল্লী: ছোৱালী সহপাঠীৰ সৈতে বন্ধুত্বক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতিত দিল্লীৰ নাংলৈত ১৫ বছৰীয়া নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যু ঘটিছে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনিজন নাবালকক আটক কৰিছে।

জানিব পৰা মতে, ৩ ছেপ্টেম্বৰত বিদ্যালয়লৈ গৈ থকা সময়ত সংঘটিত হয় এই ঘটনা । ছোৱালী সহপাঠীগৰাকীৰ সৈতে তেওঁৰ বন্ধুত্বক লৈ অভিযুক্তসকলে প্ৰশ্ন কৰাত দুয়োপক্ষৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়।

প্ৰাথমিক বিবাদৰ পিছত ছাত্ৰজন আৰু তেওঁৰ বন্ধুসকল তাৰ পৰা আঁতৰি যায়। কিন্তু প্ৰায় ১৫-২০ মিনিট পিছত অভিযুক্তসকলে পুনৰ তেওঁলোকৰ বাট আগচি ধৰি একেটা বিষয়ক লৈ তৰ্ক আৰম্ভ কৰে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে ।

unimex

এই সময়তে তিনিজন অভিযুক্তৰ এজনৰ বিৰুদ্ধে ছাত্ৰজনক ছুৰিৰে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। আক্ৰমণত গুৰুতৰভাৱে আহত হৈ অত্যধিক ৰক্তক্ষৰণ হয়। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে।

ঘটনাৰ পিছতে নাংলৈ আৰক্ষী থানাত হত্যাৰ গোচৰ ৰুজু কৰা হয়। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই কেইঘণ্টামানৰ ভিতৰতে ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা তিনিওজন নাবালকক আটক কৰে।

বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ সম্পূৰ্ণ কাৰণ, অভিযুক্তসকলৰ ভূমিকা আৰু ঘটনাৰ সৈতে জড়িত অন্যান্য দিশসমূহ তদন্ত কৰি আছে। তদন্তৰ পিছতহে ঘটনাটোৰ সৈতে জড়িত অভিযোগসমূহৰ সম্পূৰ্ণ ছবি স্পষ্ট হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

নাবালকৰ মাজত সামান্য বিবাদৰ পৰাও হিংসাত্মক ঘটনা সংঘটিত হোৱা আৰু ছুৰীৰ দৰে অস্ত্ৰ ব্যৱহাৰৰ এই ঘটনাই ৰাজধানী দিল্লীত পুনৰ উদ্বেগ সৃষ্টি কৰিছে। ইফালে, ১৫ বছৰীয়া ছাত্ৰজনৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালটো।

Leave A Reply

Your email address will not be published.

Translate »