বান্দৰৰ উৎপাতৰ সমাধান বিচাৰি হিমাচললৈ ছয় বিধায়ক
গুৱাহাটী: সমগ্ৰ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ওপৰত বান্দৰৰ সন্ত্ৰাসে বিৰূপ প্ৰভাৱ পেলাইছে। বান্দৰৰ উৎপাতৰ বাবেই খেতিয়কে খেতি কৰিব নোৱাৰা হৈ পৰিছে। আনকি ঘৰৰ ভিতৰতো বান্দৰৰ সন্ত্ৰাসে আতংকৰ সৃষ্টি কৰিছে।

বান্দৰৰ সন্ত্ৰাসী সমাধান বিচাৰি অসম বিধানসভাৰ ৬ জনীয়া এটা বিধায়কৰ দলে হিমাচল প্ৰদেশলৈ ৰাওনা হ’ব। এই দলটোত বিধায়ক প্ৰকাশ চন্দ্ৰ দাস, মৃণাল শইকীয়া, ৰূপজ্যোতি কুৰ্মী, ধীৰাজ গোৱালা আদি আছে। হিমাচল প্ৰদেশৰ চৰকাৰে বান্দৰৰ সন্ত্ৰাস নিৰ্মূল কৰাৰ বাবে লোৱা বিভিন্ন আঁচনি অধ্যয়ন কৰিব এই দলটোৱে। বিশেষকৈ বান্দৰৰ বন্ধ্যাকৰণ কৰি কিদৰে বান্দৰৰ জন্ম নিয়ন্ত্ৰণ কৰিব সেই বিষয়ে অভিজ্ঞতা আহৰণ কৰি অসমতো এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ পৰামৰ্শ আগবঢ়াব চৰকাৰক