ছাত্ৰ-ছাত্ৰীলৈ ডাঙৰ খবৰ! হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ ফৰ্ম ফিলাপ কেতিয়াৰ পৰা?
গুৱাহাটী: ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ দিনাংক ঘোষণা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড (ASSEB) য়ে।
ব’ৰ্ডৰ জাননী অনুসৰি, অহা ১২ অক্টোবৰৰ পৰা শিক্ষাৰ্থীসকলে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব। প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ১০ নৱেম্বৰ। ভুল শুধৰণিৰ বাবে ১৯ নৱেম্বৰলৈ সময় দিয়া হৈছে।

সম্পূৰ্ণ প্ৰক্ৰিয়াটো অনলাইন পদ্ধতিৰে সম্পন্ন হ’ব। পৰীক্ষাৰ বাবে শিক্ষাৰ্থীয়ে ৭০০ টকা মাচুল দিব লাগিব। ইয়াৰ উপৰিও ব্যৱহাৰিক পৰীক্ষা আৰু কেন্দ্ৰ মাচুলৰ বাবে ৫০০ টকা দিব লাগিব।
ছাত্ৰ-ছাত্ৰীলৈ ডাঙৰ খবৰ! হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ ফৰ্ম ফিলাপ কেতিয়াৰ পৰা?
আনহাতে, চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত আৰু নিৰ্ধাৰিত আয়ৰ সীমাৰ ভিতৰত থকা শিক্ষাৰ্থীসকলে মাচুল ৰেহাইৰ সুবিধা লাভ কৰিব।