শনিবাৰে অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । বৰ্তমান ছখন জিলাত প্ৰায় ৬.৫৫ লাখ লোক বানৰ কৱলত আছে বুলি জানিব পৰা গৈছে । ২৬ জুলাইৰ দিনা এটা সামাজিক পোষ্টযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত চলিত বৰ্ষৰ বানপানীৰ ফলত ৬৬ জনলৈ বৃদ্ধি পোৱা বুলি জনাইছে । মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এটা দিনত চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে বানত ।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি এদিনতে বানপানীত চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে । শিৱসাগৰত তিনিজন লোকৰ মৃত্যু হৈছে আৰু চৰাইদেউত এজন লোকৰ মৃত্যু হৈছে ।
শুকুৰবাৰে ৯ খন জিলাত ৭.০৫ লাখৰো অধিক লোক বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে এদিন পিছতে পৰিস্থিতি উন্নত হোৱা পৰিলক্ষিত হয় । চৰাইদেউ, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, নগাঁও আৰু শিৱসাগৰ জিলাত এতিয়াও ৬,৫৪,৮০০ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।
শিৱসাগৰ হৈছে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা য’ত প্ৰায় ২.৯ লাখ লোকে বানপানীৰ কৱলত আছে, তাৰ পিছতে আছে চৰাইদেউ আৰু যোৰহাট জিলা । দুয়োখন জিলাত ক্ৰমে ১.৯ লাখ আৰু ১.৩ লাখতকৈ অধিক লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ।
ইয়াৰ দৈনিক বুলেটিন অনুসৰি ৮১০ খন গাঁও পানীৰ তলত, আৰু সমগ্ৰ অসমতে ৩৪,৯৭০.৮ হেক্টৰ শস্যৰ ক্ষতিসাধন হৈছে। নদীৰ মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ ক্ষতিসাধন হৈছে বানত।
শিৱসাগৰ আৰু নুমলীগড়ত বিপদসীমাৰ ওপৰেৰে বৈ গৈছে দিখৌ আৰু ধনশিৰি নদী।

