• Home  
  • অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
- অসম

অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত হোৱা বান পৰিস্থিতি সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলৰ আয়োজন কৰে । বান বিধ্বস্ত জিলাৰ আয়ুক্তৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে কৰা পৰ্যালোচনা বৈঠকৰ অন্তত অনুষ্ঠিত হয় এই সংবাদমেলৰ । অসমৰ ২৫ খন জিলাত হোৱা ভয়াৱহ বান পৰিস্থিতিৰ সন্দৰ্ভত জিলা আয়ুক্তৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ৷ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰা অনুসৰি বৰ্তমান ৰাজ্যৰ ২৫খন […]

অসমত হোৱা বান পৰিস্থিতি সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলৰ আয়োজন কৰে । বান বিধ্বস্ত জিলাৰ আয়ুক্তৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে কৰা পৰ্যালোচনা বৈঠকৰ অন্তত অনুষ্ঠিত হয় এই সংবাদমেলৰ । অসমৰ ২৫ খন জিলাত হোৱা ভয়াৱহ বান পৰিস্থিতিৰ সন্দৰ্ভত জিলা আয়ুক্তৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ৷ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰা অনুসৰি বৰ্তমান ৰাজ্যৰ ২৫খন জিলাৰ ২০২৩ খন গাঁও প্ৰলয়ংকাৰী বানৰ কৱলত পৰিছে ৷

মুখ্যমন্ত্ৰীয়ে আজি সম্বোধন কৰা সংবাদমেলখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭ গৰাকীলৈ বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে । ১৮-২০ জুলাইৰ ভিতৰত অসমত স্বাভাৱিকতকৈ ৩৩% অধিক বৃষ্টিপাত হৈছিল বুলি উল্লেখ কৰিছে । চৰাইদেউত স্বাভাৱিকতকৈ ৪৩৬% আৰু শিৱসাগৰত ১৩৪% অধিক বৰষুণ হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “চৰাইদেউত গড় হিচাপত ৪৩৬ শতাংশ বেছি বৰষুণ হৈছিল । শিৱসাগৰত ১৩৪ শতাংশ বেছি বৰষুণ হয় । মোককচুং, ৱাখা আৰু মন জিলায়ো একেসময়তে যথেষ্ট বৰষুণ ল’বলগীয়া হয় । ইয়াৰ ফলতে আমি এটা ভাবিব নোৱৰা পৰিৱেশৰ সন্মুখীন হওঁ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠও বৃদ্ধি পায় । সকলো উপ-নৈৰ পৰা পানী আহিল ব্ৰহ্মপুত্ৰলৈ । চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা পানী ওলাই যাব পৰা নাছিল ব্ৰহ্মপুত্ৰলৈ ।’’

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ৪০টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯৩৯খন গাঁও এতিয়াও পানীৰ তলত ৷

বহু বানাক্ৰান্ত অঞ্চললৈ যাব পৰা নাই প্ৰশাসন

নাজিৰা বিধানসভা সমষ্টিৰ ৩৩ শতাংশ, শিৱসাগৰ বিধানসভা সমষ্টিৰ ২০ শতাংশ বানাক্ৰান্ত অঞ্চললৈ প্ৰশাসনৰ লোক যাব পৰা নাই বুলি আজিৰ সংবাদমেলত জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই এলেকাবোৰৰ পৰিস্থিতি বৰ্তমানেও জটিল হৈ আছে বুলি শৰ্মাই কয় ৷ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘চৰাইদেউত ৪টা ৰাজহ চক্ৰ সংকটত পৰিছে । ১০জনৰ মৃত্যু হৈছে । এজন নিৰুদ্দেশ হৈ আছে । শিৱসাগৰ জিলাত ৫টা ৰাজহ চক্ৰ বানত ডুবিছে । ২১ গৰাকী লোকৰ মৃত্যু হয় । নিৰুদ্দেশ হৈ আছে ৬গৰাকী লোক । এই বছৰত ৭৭ টা ৰাজহ চক্ৰ বানত ডুবিছে । ৪৭গৰাকী লোকৰ মৃত্যু হৈছে । যোৰহাটত মৃত্যু হৈছে ৮গৰাকীৰ । সমগ্ৰ অসমত ৮ জন লোক সন্ধানহীন । চৰাইদেউ জিলাৰ প্ৰতিটো অঞ্চললৈ সাহায্য পঠিয়াব পৰা হৈছে । কিন্তু নাজিৰাৰ ৩০ শতাংশ অঞ্চললৈ কোনো যাব পৰা নাই । এই মানুহবোৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে ।”

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.