NEET কাগজ ফাদিলৰ বিৰুদ্ধে আৰু দেশৰ শিক্ষাৰ সংস্কাৰ দাবী কৰি বিগত 28 জুলাইৰ পৰাই প্ৰতিবাদত বহিছিল ককৰোচ জনতা পাৰ্টী । এই প্ৰতিবাদৰ নেতৃত্ব দিয়া ককৰোচ জনতা পাৰ্টি বৰ্তমান চৰকাৰৰ সৈতে আলোচনাৰ মজিয়াত বহিছে যদিও চৰকাৰে বৰ্তমানেও শিক্ষামন্ত্ৰীৰ পদত্যাগ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । পাৰ্টীয়ে এই সন্দৰ্ভত কয় যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সন্দৰ্ভত কোনো আপোচ কৰা নহ'ব । ৩ মে’ত অনুষ্ঠিত হোৱা NEET পৰীক্ষা বাতিল হোৱাৰ পাছত আত্মহত্যা কৰা লোকসকলৰ পৰিয়াললৈও ১ কোটি টকা ক্ষতিপূৰণ বিচাৰিছে প্ৰতিবাদৰত সংগঠনটোৱে ।
CJP য়ে জনোৱা মতে, শনিবাৰে পুনৰ মুখামুখি হ’ব দুয়োপক্ষ অৰ্থা CJP আৰু চৰকাৰ । নতুন দিল্লীৰ বিঠালভাই পেটেল হাউচত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে চিজেপিৰ দুই প্ৰতিনিধিয়ে দুঘণ্টীয়া বৈঠকত মিলিত হয় শুকুৰবাৰে ।
চৰকাৰী প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকৰ অন্তত চিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সৌৰভ দাসে সংবাদ মাধ্যমৰ আগত কয় যে আমি কেন্দ্ৰীয় মন্ত্ৰীসকলক কৈছিলো যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আমি অটল ।
সৌৰভ দাসে কয় যে চিজেপিয়ে আত্মহত্যাকাৰী পৰিয়ালক ১ কোটি টকা ক্ষতিপূৰণৰ দাবী জনাইছে আৰু প্ৰতিবাদকাৰীৰ বিৰুদ্ধে এজাহাৰ প্ৰত্যাহাৰ কৰিব লাগে । নাড্ডাই কয় যে মন্ত্ৰীসকলে তেওঁলোকৰ দাবী শুনি তেওঁলোকে পুনৰ চিজেপিৰ ওচৰলৈ যাব বুলি জনাইছে । শনিবাৰে পুনৰ লগ হ’ম বুলিও তেওঁ কয় । পৰীক্ষাৰ অনিয়মৰ সৈতে জড়িত সংগঠনটোৰ দাবীৰ সৌহাৰ্দ্যপূৰ্ণ সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে শুকুৰবাৰৰ বৈঠক অনুষ্ঠিত হয়।