গুৱাহাটী : ৰাজ্যৰ ক্ৰিকেট আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰি খেলুৱৈসকলক বছৰজোৰা প্ৰশিক্ষণ, খেলুৱৈৰ বিকাশ, ফিটনেছ আৰু আৰোগ্যৰ বাবে আধুনিক পৰিৱেশ প্ৰদানেৰে উত্তৰ গুৱাহাটীৰ ফুলুঙত থকা এ চি এ ক্ৰিকেট একাডেমীত আজি ভাৰতৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট কেন্দ্ৰ মুকলি কৰা হয় ।
এচিএৰ সম্পাদক সনাতন দাস, কোষাধ্যক্ষ অনুপম ডেকা, এপেক্স কাউন্সিলৰ সদস্য মুকুটানন্দ ভট্টাচাৰ্য আৰু অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত মুখ্য অতিথি, বিচিচিআইৰ সন্মানীয় সম্পাদক দেৱজিৎ শইকীয়াই এই ইনড’ৰ সুবিধা উদ্বোধন কৰে ।
প্ৰায় ১৭,০০০ বৰ্গফুট অঞ্চল আগুৰি থকা এই ইনড’ৰ সুবিধাটোত ৯টা ক্ৰিকেট উইকেট আছে । তাৰে চাৰিটা স্পিন উইকেট আৰু আন ৫টা ছিম উইকেট । খেলুৱৈয়ে বিভিন্ন খেলৰ পৰিৱেশ-পৰিস্থিতিত প্ৰশিক্ষণ ল’ব পৰাকৈ ইয়াত বিদেশৰ পৰা অনা ইউনিটাৰ্ফো মজুত আছে । ইয়াত পুৰুষ আৰু মহিলাৰ পৃথক চেঞ্জিং ৰুমৰ ব্যৱস্থা কৰা হৈছে, দুয়োটা চেঞ্জিং ৰুমতে আইচ বাথৰ সুবিধা উপলব্ধ, যাতে প্ৰশিক্ষণৰ পিছৰ আৰোগ্য লাভৰ ক্ষেত্ৰত সহায়ক হয় । আধুনিক সা-সুবিধাৰে ১৫০০ বৰ্গফুটৰ এটা জিমনেছিয়ামো ইয়াত আছে । লগতে ছাউনা আৰু ষ্টিম ৰূমকে ধৰি বিশেষ আৰোগ্য আৰু সুস্থতাৰ সুবিধাসমূহো অন্তৰ্ভুক্ত কৰা হৈছে । কেন্দ্ৰটোত খেলুৱৈৰ পুনৰ্বাসন, আঘাত ব্যৱস্থাপনা আৰু আৰোগ্যৰ বাবে এক আধুনিক ফিজিঅ’থেৰাপিৰ সুবিধাও আছে, যিয়ে খেলুৱৈসকলক তেওঁলোকৰ অন-ফিল্ড প্ৰশিক্ষণৰ বাহিৰেও বিভিন্ন দিশে ব্যাপক সহায় প্ৰদান কৰিব ।
খেলুৱৈসকলৰ শিক্ষণ, প্ৰশিক্ষণ আৰু অগ্ৰগতিৰ সঠিক পৰিৱেশ সৃষ্টিৰ বাবে আধুনিক ক্ৰিকেটৰ আন্তঃগাঁথনিৰ বিকাশ অতি প্ৰয়োজনীয় । এচিএ ক্ৰিকেট একাডেমীৰ এই নতুন ইনড’ৰ ক্ৰিকেটৰ সুবিধাই একেখন চালিৰ তলত গুণগত ক্ৰিকেট টাৰ্ফ, ফিটনেছ, আৰোগ্য আৰু ফিজিঅ’থেৰাপিৰ সুবিধাসমূহ একত্ৰিত কৰিছে । মই নিশ্চিত যে এই সুবিধাই অসমৰ পৰৱৰ্তী প্ৰজন্মৰ ক্ৰিকেটাৰসকলক প্ৰভূত সহায় কৰাৰ লগতে তেওঁলোকৰ দীৰ্ঘম্যাদী উন্নয়নত অৰিহণা যোগাব ।’- এনেদৰে কয় বিচিচিআইৰ সন্মানীয় সম্পাদক দেৱজিৎ শইকীয়াই ।
নতুন এই ইনড’ৰ চেটআপে নিশ্চয়কৈ বতৰৰ পৰিস্থিতি নিৰ্বিশেষে গোটেই বছৰটো নিৰৱচ্ছিন্ন প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰাৰ লগতে এচিএ ক্ৰিকেট একাডেমীক গাঁথনিগত প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ অধিক পৰিসৰ প্ৰদান কৰিব । এই সুবিধাই খেলুৱৈসকলক তেওঁলোকৰ দক্ষতা পৰিশোধন, শাৰীৰিক প্ৰস্তুতি বজাই ৰখা আৰু উচ্চ পৰ্যায়ত প্ৰতিযোগিতামূলক ক্ৰিকেটৰ বাবে যথোচিত প্ৰস্তুতি চলোৱাত সহায় কৰিব ।