উজনি অসমত এতিয়াও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি । শেহতীয়া বানত ৰাজ্যৰ 16 খনকৈ জিলা ক্ষতিগ্ৰস্ত হৈছে আৰু বৰ্তমানেও বিপদসীমাৰ ওপৰেৰে বৈ আছে দিখৌ নৈ । অসমত সৃষ্টি হোৱা অভূতপূৰ্ব ভয়াবহ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । গৃহমন্ত্ৰীগৰাকীয়ে টেলিফোনযোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যখনৰ বৰ্তমানৰ বান পৰিস্থিতি, ক্ষয়-ক্ষতিৰ বুজ লয়।
উল্লেখ্য যে,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰাৰ লগতে সামাজিক মাধ্যমতো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ কৰা বুলি জনায় । ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত জনায়, ”কিছু সময় পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লয় । অসমত উদ্ভৱ হোৱা অভূতপূৰ্ব বান পৰিস্থিতিৰ প্ৰেক্ষাপটত তেখেতে জনাইছে যে ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰ্বাসন তথা পুনৰ্নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায় সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শীঘ্ৰে এক কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ প্ৰতিনিধি দল অসমত আহি উপস্থিত হ’ব ।”
উল্লেখ কৰা প্ৰয়োজন যে এই অভাৱনীয় পৰিস্থিতি অব্যাহত থকাৰ মাজতে ২৩ জুলাইৰ দিনা প্ৰশাসনে জিলাখনৰ দিখৌ নৈৰ জলস্তৰ পুনৰ বৃদ্ধি পোৱা বুলি জাননী প্ৰকাশ কৰাত অনিশ্চয়তা বৃদ্ধি পাইছে নাজিৰাবাসীৰ মাজত । জানিব পৰা মতে, নাগালেণ্ডত হোৱা বৰষুণৰ বাবে বাঢ়িছে দিখৌৰ পানী ।
আনহাতে নাগালেণ্ডত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত NEEPCO ৰ অধীনস্থ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে । যিয়ে বিস্তৰ প্ৰভাৱ পেলাইছে শিৱসাগৰবাসীৰ জনজীৱনত ।

