ৰাজধানী দিল্লীত জুন মাহৰ পৰাই অব্যাহত আছে শিক্ষাৰ্থীৰ ধাৰাবাহিক প্ৰতিবাদ । ২০ দিনতকৈও অধিক দিন ধৰি চলি থকা শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সমৰ্থনত এক শক্তিশালী পোষ্ট দি শিক্ষাৰ্থীসকলৰ প্ৰতিবাদৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আছে বুলি উল্লেখ কৰাৰ লগতে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ 'শান্তিপূৰ্ণ' অংশগ্ৰহণক প্ৰশংসা কৰি তেওঁলোকক 'অত্যন্ত সাহসী' বুলি x ৰ পোষ্টত উল্লেখ কৰে ।
ইয়াৰ লগতে স্কুলীয়া দিনৰ নিজৰ এখন ফটো শ্বেয়াৰ কৰি ৬০ বছৰীয়া অভিনেতাগৰাকীয়ে কয়, “কাগজ ফাদিল হোৱাটো এটা অতি গুৰুতৰ বিষয় । মই নিশ্চিত যে চৰকাৰেও তেওঁলোকক সম্পূৰ্ণ সহায় কৰিব আৰু শিক্ষা ব্যৱস্থাটোক অধিক শক্তিশালী কৰি তুলিব । ইয়াৰ দ্বাৰা দুয়োপক্ষৰে লাভ হ’ব । মই এটা ইতিবাচক সিদ্ধান্তৰ বাবে আশাবাদী । যিসকলে শিক্ষা লাভ কৰিব বিচাৰে, ভগৱানে তেওঁলোকৰ মংগল কৰক । শিক্ষা আমাৰ পৰৱৰ্তী ট্ৰেণ্ড বা ফেশ্বন হোৱা উচিত । ই বছৰে বছৰে ইমানেই জনপ্ৰিয় হৈ পৰিব লাগে যাতে বিদেশৰ পৰাও মানুহ ভাৰতলৈ পঢ়িবলৈ আহে আৰু ভাৰত এখন অগ্ৰণী শিক্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰে ।”
ইয়াৰ লগতে ছুপাৰষ্টাৰগৰাকীয়ে কয়, “এইটো অতি শান্তিপূৰ্ণ আন্দোলন আছিল । আন্দোলনটোৱে হিংসাত্মক ৰূপ লোৱাত মই বৰ দুখ পাইছোঁ । যিসকল শিক্ষাৰ্থীৰ লগতে পৰিয়াল আঘাতপ্ৰাপ্ত হৈছে, সেইসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।"
উল্লেখ কৰা প্ৰয়োজন যে, বিগত মাহৰ পৰাই আৰম্ভ হোৱা শিক্ষাৰ্থীৰ এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বলিউডৰ বহু নামী-দামী তাৰকা শিল্পীয়ে - নাছিৰুদ্দিন শ্বাহ, শ্বাবানা আজমীৰ,জিনত আমান, প্ৰকাশ ৰাজ ওমি বৈদ্য, ৰত্ন পাঠক শ্বাহ, অভয় দেওল, সোনাক্ষী সিনহা, ৰিতেশ দেশমুখ, স্বৰা ভাস্কৰ আদিয়ে । এইসকল চেলিব্ৰিটি তাৰকাই ৰাজহুৱাভাৱে আন্দোলনৰ সমৰ্থনত আগবাঢ়ি আহি সমগ্ৰ দেশতে শান্তিপূৰ্ণ প্ৰতিবাদৰ আহ্বান জনোৱাৰ লগতে বিষয়টোত কেন্দ্ৰীয় চৰকাৰক গুৰুত্ব দিবলৈ দাবী জনাই আহিছে ।