মূল্য বৃদ্ধিৰ মাজতে চাউল আৰু ধানৰ মজুতৰ তথ্য দাখিল কৰাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
চাউলৰ দাম ক্ৰমাৎ বাঢ়ি অহাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শুক্ৰবাৰে কেন্দ্ৰই দেশৰ সকলো ব্যৱসায়ী, খুচুৰা বিক্ৰেতা, পাইকাৰী বিক্ৰেতা, প্ৰচেছৰ আৰু মিল মালিকক তেওঁলোকৰ চাউল আৰু ধানৰ মজুতৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
৬ নৱেম্বৰত জাৰি কৰা নিৰ্দেশ অনুসৰি, সকলোৱে ৬টা শ্ৰেণীত মজুতৰ তথ্য দিব লাগিব — বাসমতী চাউল, নন-বাসমতী প্ৰিমিয়াম চাউল, নন-বাসমতী চাউল, পাৰবইলড চাউল, ভঙা চাউল আৰু ধান।
প্ৰতিটো প্ৰতিষ্ঠানে প্ৰতি শুক্ৰবাৰে Food Stock Portal ত এই তথ্য আপডেট কৰিব লাগিব। পৰ্টেলত পঞ্জীয়ন নকৰিলে বা নিয়ম উলংঘা কৰিলে অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ ৬ আৰু ৭ নম্বৰ ধাৰাৰ অধীনত ব্যৱস্থা লোৱা হ’ব।
আনফালে, মজুতকৰণ ৰোধ কৰিবলৈ কেন্দ্ৰই ৫খন দক্ষিণৰ ৰাজ্য — অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাক মজুতৰ সীমা বান্ধিবলৈ অনুমতি দিছে। এই সীমা ২০২৭ চনৰ ৩১ জানুৱাৰীলৈকে বলবৎ থাকিব।

কিয় দাম বাঢ়িছে?
বাৰিষা কম হোৱা আৰু অসমান বৰষুণৰ বাবে চাউলৰ উৎপাদন কমাৰ আশংকা কৰা হৈছে। ছেপ্টেম্বৰত খুচুৰা চাউলৰ মুদ্ৰাস্ফীতি বছৰেকীয়া হিচাপত ৮.২৫% লৈ বৃদ্ধি পাইছে, যিটো আগষ্টত আছিল ৫.৮৯%। গড় খুচুৰা মূল্য প্ৰায় ৪৮.২৩ টকা প্ৰতি কেজি, যিটো এবছৰ আগৰ তুলনাত প্ৰায় ১২% বেছি।
দক্ষিণৰ জনপ্ৰিয় চাউল সোণা মছুৰীৰ পাইকাৰী মূল্য এমাহ আগৰ ৫০ টকাৰ পৰা ৬৫-৭০ টকালৈ বৃদ্ধি পাইছে।
চৰকাৰৰ আন পদক্ষেপ:
কেন্দ্ৰই মুকলি বজাৰ বিক্ৰী আঁচনিৰ অধীনত ২০২৬-২৭ বৰ্ষৰ বাবে চাউল বিক্ৰীৰ লক্ষ্য ২৫ লাখ টনৰ পৰা ৫০ লাখ টনলৈ দুগুণ কৰিছে। লগতে ভাৰত চাউলৰ যোগান বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।