দিল্লীত থকা অসমীয়া সংগঠন ‘সমন্বয়’ৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ অনুদান
শেহতীয়াকৈ অসমত হোৱা ভয়ংকৰ বানত ঘৰ-বাৰী হেৰুওৱা পৰিয়ালবোৰক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে নতুন দিল্লী আৰু এনচিআৰত থকা অসমীয়াসকলৰ সংগঠন ‘সমন্বয়’।
সংগঠনটোৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১,০০,০০০ টকা আগবঢ়াইছে। এই ধনখিনি বানপীড়িত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ কামত ব্যৱহাৰ হ’ব।

সংগঠনৰ সভাপতি ড° নিৰঞ্জন ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক ড° চান্দন ডেকাই মুখ্যমন্ত্ৰীলৈ লিখা এখন পত্ৰত এই অনুদান গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। ২৪ অক্টোবৰত বেংক অৱ বৰোদাৰ ০০০৩২৮ নম্বৰৰ চেকেৰে এই টকা প্ৰদান কৰা হৈছে।
পত্ৰখনত সংগঠনটোৱে কয় যে, বানত ক্ষতিগ্ৰস্ত হোৱা হাজাৰ হাজাৰ পৰিয়ালক পুনৰ সংস্থাপিত কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপক তেওঁলোকে সম্পূৰ্ণ সমৰ্থন জনাইছে। এই সৰু বৰঙণিয়ে চৰকাৰৰ প্ৰচেষ্টাত অলপ হ’লেও সহায় কৰিব বুলি তেওঁলোকে আশা কৰিছে।
‘সমন্বয়’ হৈছে দিল্লী আৰু ইয়াৰ আশে-পাশে বসবাস কৰা অসমীয়া লোকসকলৰ এটা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান।