Your Mic Your Voice

অৱশেষত অন্ত পৰিল ৰাইজৰ দলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট, চৰকাৰৰ আশ্বাসৰ পিছত অখিল গগৈৰ ঘোষণা

0

অৱশেষত অন্ত পৰিল ৰাইজৰ দলৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট।

যোৱা ১৯ জুলাইৰ বিধ্বংসী বানে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাত ব্যাপক ক্ষতি কৰিছিল। বানপীড়িত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত যোৱা ২ অক্টোবৰৰ পৰা গুৱাহাটী আৰু শিৱসাগৰত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছিল ৰাইজৰ দলে।

unimex

আজি গুৱাহাটীত অসম চৰকাৰৰ দুগৰাকী মন্ত্ৰীয়ে বিধায়ক অখিল গগৈক সাক্ষাৎ কৰি স্মাৰক-পত্ৰ গ্ৰহণ কৰে। চৰকাৰৰ ফালৰ পৰা একাংশ দাবী পূৰণৰ আশ্বাস পোৱাৰ পিছতে অখিল গগৈয়ে ধৰ্মঘট সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

একেদৰে শিৱসাগৰৰ প্ৰতিবাদস্থলীটোতো দলৰ সমৰ্থকসকলে আন্দোলন প্ৰত্যাহাৰ কৰে।

Leave A Reply

Your email address will not be published.

Translate »