Your Mic Your Voice

ৰুবিঅ’-জয়শংকৰ বৈঠকক লৈ MEAৰ নীৰৱতাক লৈ কংগ্ৰেছৰ প্ৰশ্ন

0

আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ আগন্তুক ভাৰত ভ্ৰমণ আৰু মুম্বাইত বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে প্ৰস্তাৱিত বৈঠকক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (MEA) নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে আজি X ত কয় যে, ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ’ গ’ৰে ৰুবিঅ’ৰ মুম্বাই ভ্ৰমণৰ সবিশেষ জনোৱাটো আচৰিত নহয়, কিন্তু তেওঁ “আমি আশা কৰিছো মন্ত্ৰী ড° জয়শংকৰ তাত আমাৰ সৈতে যোগ দিব” বুলি কোৱাটো অত্যন্ত অস্বাভাৱিক।

unimex

“ভাৰতৰ বিদেশ মন্ত্ৰীৰ ভাৰতৰ ভিতৰতে হোৱা বৈঠকৰ ঘোষণা কেতিয়াৰ পৰা MEAৰ মুখপাত্ৰৰ বাহিৰে আন কোনোবাই কৰিবলৈ ল’লে?” বুলি ৰমেশে প্ৰশ্ন কৰে।

তেওঁ লগতে কয়, যিদৰে ২০২৫ চনৰ ১০ মে’ত অপাৰেচন সিন্দূৰ বন্ধৰ কথা ভাৰতে প্ৰথমে ৰুবিঅ’ৰ পৰাহে গম পাইছিল, একেদৰে এইবাৰো আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ পৰাহে এই বৈঠকৰ কথা গম পোৱা গৈছে। MEA কিয় নিমাত বুলি তেওঁ প্ৰশ্ন কৰে।

উল্লেখ্য যে, আমেৰিকাৰ বৈদেশিক দপ্তৰৰ মতে ৰুবিঅ’ অহা ১৭-২২ অক্টোবৰত উজবেকিস্তানৰ সমৰকন্দ হৈ মুম্বাই আৰু জামনগৰ ভ্ৰমণ কৰিব।

Leave A Reply

Your email address will not be published.

Translate »