Your Mic Your Voice

খানাপাৰাত কৃষি বিভাগৰ কাৰ্যালয়ত কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

0

গুৱাহাটীঃ গুৱাহাটীৰ খানাপাৰাস্থিত অসম কৃষি বিভাগৰ প্ৰশাসনিক ভৱনৰ ভিতৰত বৃহস্পতিবাৰে এজন ৫৫ বছৰীয়া চৰকাৰী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত লোকজনক কৃষি বিভাগৰ জ্যেষ্ঠ সহায়ক ৰঞ্জয় বৰুৱা বুলি চিনাক্ত কৰা হৈছে। ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

পৰিয়ালৰ সূত্ৰ অনুসৰি, বুধবাৰে সন্ধিয়াৰ পৰা ৰঞ্জয় বৰুৱা সন্ধানহীন হৈ আছিল। সন্ধিয়া প্ৰায় ৫ বজাত তেওঁ কাৰ্যালয়ৰ পৰা ঘৰলৈ ওলাই গৈছিল যদিও পিছত পুনৰ কৃষি বিভাগৰ চৌহদলৈ উভতি আহে। উল্লেখযোগ্য যে সেই সময়ত তেওঁৰ মোবাইল ফোনটো ঘৰতেই আছিল।

unimex

কৃষি বিভাগৰ খানাপাৰা চৌহদতে পুত্ৰৰ সৈতে বাস কৰিছিল বৰুৱাই। বুধবাৰে নিশা তেওঁ ঘৰলৈ উভতি নোহোৱাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ আৰম্ভ কৰে। কিন্তু নিশালৈকে কোনো সন্ধান নোপোৱাৰ পিছত বৃহস্পতিবাৰে কৃষি বিভাগৰ প্ৰশাসনিক ভৱনৰ ভিতৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।

ইতিমধ্যে তদন্তকাৰী আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বিভিন্ন তথ্য আৰু সম্ভাব্য প্ৰমাণ সংগ্ৰহ কৰিছে। বৰুৱা শেষবাৰৰ বাবে ক’ত আছিল, তেওঁ কেনেদৰে প্ৰশাসনিক ভৱনটোত উপস্থিত হৈছিল আৰু মৃতদেহ উদ্ধাৰৰ পূৰ্বে কি কি ঘটনা সংঘটিত হৈছিল, সেই সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

বৰুৱাৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাটোৰ সম্পূৰ্ণ পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্ত আগবঢ়াৰ পিছতহে ঘটনাটোৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.

Translate »