যোৰহাটত কৰ্তব্যৰত আৰক্ষীক সুৰামত্ত লোকৰ প্ৰহাৰ
যোৰহাট: যোৰহাটত কৰ্তব্যৰত এগৰাকী যান-বাহন আৰক্ষী বিষয়াক সুৰামত্ত এজন ব্যক্তিয়ে প্ৰহাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাট সদৰ থানাৰ সমীপৰ ডচ এণ্ড কোঃ চাৰিআলিত সংঘটিত হয় এই ঘটনা।
জানিব পৰা মতে, চাৰিআলিটোত সুৰামত্ত অৱস্থাত থকা এজন ব্যক্তিয়ে কেইবাগৰাকীও লোকক প্ৰহাৰ কৰিছিল। সেই সময়ত কৰ্তব্যৰত যান-বাহন আৰক্ষী বিষয়াজনে ঘটনাটো প্ৰত্যক্ষ কৰি লোককেইজনক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যায়। কিন্তু আৰক্ষী বিষয়াজনেই সুৰামত্ত ব্যক্তিজনৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে।

অভিযোগ অনুসৰি, সুৰামত্ত ব্যক্তিজনে আৰক্ষী বিষয়াজনক প্ৰহাৰ কৰাৰ লগতে তেওঁৰ পোছাকত থকা অসম আৰক্ষীৰ বেজ আৰু ইউনিট ফ্লেগ ক’ড চিঙি নিয়ে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত কিছু সময়ৰ বাবে উত্তেজনাৰ সৃষ্টি হয়।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ আন এটা দলে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত ব্যক্তিজনক আটক কৰি যোৰহাট সদৰ থানালৈ লৈ যায়। ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিছে।
ৰাইজৰ নিৰাপত্তাৰ দায়িত্বত থকা কৰ্তব্যৰত আৰক্ষী বিষয়াই এইদৰে আক্ৰমণৰ সন্মুখীন হোৱা ঘটনাই যোৰহাটত আৰক্ষীৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।