কল্লাকুৰিচি জিলা উপায়ুক্তলৈ ‘অশ্লীল বাৰ্তা’ প্ৰেৰণৰ অভিযোগত টিভিকে বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ তামিলনাডু ডিজিপিক ডিএমকেৰ আহ্বান
তামিলনাডুত শাসকীয় দল টিভিকেৰ বিধায়কৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগক লৈ এতিয়া ৰাজ্যখনৰ ৰাজনীতি তপ্ত হৈ পৰিছে। কল্লাকুৰিচিৰ টিভিকে বিধায়ক চি অৰুল ভিগনেছে জিলাখনৰ মহিলা জিলা উপায়ুক্তলৈ হোৱাটছএপযোগে অশ্লীল বাৰ্তা প্ৰেৰণ কৰাৰ লগতে মদ্যপ অৱস্থাত তেওঁৰ বাসগৃহত উপস্থিত হৈ হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।
এই অভিযোগক লৈ প্ৰধান বিৰোধী দল ডিএমকেয়ে আজি তামিলনাডুৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি)ৰ কাৰ্যালয়ত আনুষ্ঠানিক অভিযোগ দাখিল কৰে।
ডিএমকেৰ সংগঠন সম্পাদক আৰ এছ ভাৰতীয়ে ডিজিপিক সাক্ষাৎ কৰি বিধায়কজনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰি তদন্ত চিবি-চিআইডিক গতাই দিয়াৰ দাবী জনায়। ডিজিপি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱা বাবে এডিজিপিয়ে অভিযোগপত্ৰখন গ্ৰহণ কৰে।
অভিযোগত যৌন হাৰাশাস্তি, ইলেক্ট্ৰনিক মাধ্যমত অশ্লীল বাৰ্তা প্ৰেৰণ, চৰকাৰী কৰ্মচাৰীক ভয়-ভাবুকি দিয়া আৰু জিলা উপায়ুক্তৰ বাসগৃহত অবৈধভাৱে প্ৰৱেশৰ অভিযোগ অন্তৰ্ভুক্ত কৰা হৈছে।

সংবাদ মাধ্যমৰ আগত ভাৰতীয়ে কয়, “বিধায়কজনে মদ্যপ অৱস্থাত বাৰ্তা প্ৰেৰণ কৰি উপায়ুক্তৰ বাসগৃহলৈ গৈছিল। আমাৰ দলৰ জিলা সম্পাদক বসন্তম কাৰ্তিকেয়নে ইতিমধ্যে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। আমি চিবি-চিআইডিৰ তদন্ত বিচাৰিছো। আশা কৰোঁ বিধায়কজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।”
আনহাতে, ডিএমকেৰ সভাপতি এম কে ষ্টেলিনে কয় যে, “পাঞ্চ ডায়েলগ দিলেই কোনো সমস্যাৰ সমাধান নহয়। মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে বাস্তৱিক ব্যৱস্থা ল’ব লাগে।”
ইফালে, বিধায়ক অৰুল ভিগনেছে অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। তেওঁ কয়, “মই এনে একো কৰা নাই। গুজৱ গুজৱেই। উপায়ুক্তৰ বাংলোত নিৰাপত্তাৰক্ষী আৰু চিচিটিভি আছে। মই তাত কেনেকৈ সোমাব পাৰো?”
ইয়াৰ পূৰ্বে সোমবাৰে ডিএমকেৰ ১০০তকৈ অধিক কৰ্মীয়ে কল্লাকুৰিচিৰ আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দাখিল কৰি জিলা উপায়ুক্ত আৰু অন্য মহিলা বিষয়াসকলৰ নিৰাপত্তাৰ দাবী জনাইছিল। এআইএডিএমকেয়েও মুখ্য সচিব, গৃহ সচিব আৰু ডিজিপিৰ ওচৰত পৃথক অভিযোগ দাখিল কৰি বিধায়কজনৰ ফোন জব্দ কৰি গ্ৰেপ্তাৰৰ দাবী জনাইছে।
ছয় মাহীয়া টিভিকে চৰকাৰৰ বাবে এই ঘটনাই এতিয়া আইন-শৃংখলা পৰিস্থিতিৰ এক ডাঙৰ পৰীক্ষা হৈ পৰিছে।