ট্ৰাম্পৰ এই ‘No War, No Peace’ প্লেনটো চুটি সময়ৰ বাবে চলিব পাৰে, কিন্তু দীঘলীয়া সময়ৰ বাবে বহনক্ষম (Sustainable) নহয় বুলিয়েই বেছিভাগ বিশ্লেষকে কৈছে।
ট্ৰাম্পৰ প্লেনটো কি?
▪️ নতুনকৈ বোমা বৰ্ষণ নকৰে
▪️ শান্তি চুক্তিও নকৰে
▪️ কেৱল নৌ-অৱৰোধ (Naval Blockade) + অৰ্থনৈতিক চাপ বঢ়াই যাব
▪️ নতুন অপাৰেচন ‘Iron Gate’ – ইৰাণৰ অস্ত্ৰ সৰবৰাহৰ স্থলপথ বন্ধ কৰা
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ ভাষাত – “আমি মূৰ্খ চুক্তি নকৰো, যুদ্ধলৈও ঘূৰি নাযাওঁ। আমি যি কৰি আছো তাকেই চলাই যাম।”
কিয় Sustainable নহয়?
১. ইৰাণে আত্মসমৰ্পণ কৰা নাই:
ইৰাণে আগষ্টৰ পৰা এটোপালো তেল ৰপ্তানি কৰিব পৰা নাই, তথাপিও চৰকাৰে হাৰ মনা নাই। ইৰাণে ভাবিছে, ট্ৰাম্পক Wait কৰি থাকিলেই তেওঁ দুৰ্বল হ’ব।

২. হৰমুজ প্ৰণালীত আক্ৰমণ বাঢ়িছে:
নৱেম্বৰৰ প্ৰথম ১০ দিনতে ১০ খন জাহাজত আক্ৰমণ, অক্টোবৰত ৩৭ খনত আক্ৰমণ হৈছে। এই অচলাৱস্থাই তেলৰ দাম আৰু বিশ্বৰ অৰ্থনীতি বেয়া কৰিছে।
৩. আমেৰিকাৰ মিত্ৰ দেশেই বিৰক্ত:
G7 বৈঠকত ব্ৰিটেইনে কৈছে – “এই No War, No Peace অচলাৱস্থাই আমাৰ দেশবোৰক গভীৰ অৰ্থনৈতিক যন্ত্ৰণা দিছে।”
৪. খৰচ বহুত বেছি:
হৰমুজেদি তেল পাৰ কৰিবলৈ আমেৰিকাৰ খৰচ “Exorbitantly expensive” হৈ পৰিছে বুলি বিশেষজ্ঞই কৈছে।
তেন্তে শেষত কি হ’ব?
দুটা ৰাস্তা মাথোঁ আছে:
১. ইৰাণে পাৰমাণৱিক কাৰ্যসূচীত ৰেহাই দি চুক্তি কৰিব লাগিব
২. নহ’লে আমেৰিকাই আকৌ যুদ্ধলৈ ঘূৰি যাবলৈ বাধ্য হ’ব