Your Mic Your Voice

ছোনিয়া গান্ধীৰ আত্মজীৱনীক লৈ বিজেপিৰ কটাক্ষ, ‘ছুপাৰ PM’ আছিল ছোনিয়া

0

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ নতুন আত্মজীৱনী ‘Belonging: A Journey of Love’ক লৈ ৰাজনীতি গৰম হৈ পৰিছে। বুধবাৰে বিজেপিয়ে ছোনিয়া গান্ধীক তীব্ৰ কটাক্ষ কৰি কয় যে তেওঁ প্ৰধানমন্ত্ৰীৰ পদ এৰি ‘ছুপাৰ PM’ হৈছিল।

বিজেপিৰ মুখপাত্ৰ তথা সাংসদ সুধাংশু ত্ৰিবেদীয়ে দিল্লীত সংবাদমেল পাতি কয়, “কি ছুপাৰ ত্যাগ আছিল, PM পদ এৰি ছুপাৰ PM হ’ল।”

তেওঁৰ অভিযোগ, ২০০৪ চনত ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ পদ নল’লে যদিও পিছত ৰাষ্ট্ৰীয় পৰামৰ্শদাতা পৰিষদ (NAC) ৰ অধ্যক্ষ হিচাপে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা লৈছিল। অৰ্থাৎ প্ৰধানমন্ত্ৰী নহৈও তেওঁ UPA চৰকাৰৰ ওপৰত সম্পূৰ্ণ প্ৰভাৱ খটুৱাইছিল।

unimex

ত্ৰিবেদীয়ে আৰু কয়, “পৃথিৱীৰ ক’তো এনে ত্যাগৰ উদাহৰণ নাপাব, য’ত PM পদ এৰি কেবিনেট মন্ত্ৰীৰ পদ লোৱা হয়।”

ইয়াৰ উপৰিও ছোনিয়া গান্ধীয়ে আত্মজীৱনীত জৰুৰী অৱস্থাৰ বাবে সঞ্জয় গান্ধীক দোষী সজাই ৰাজীৱ গান্ধী ইয়াৰ বিৰোধী আছিল বুলি কোৱা দাবীকো বিজেপিয়ে নস্যাৎ কৰিছে।

আত্মজীৱনীত ছোনিয়া গান্ধীয়ে লিখিছে যে ২০০৪ চনত মিত্ৰ দলবোৰে হেঁচা দিয়াৰ পিছতো তেওঁ নিজৰ ‘অন্তৰৰ মাত’ শুনি প্ৰধানমন্ত্ৰীৰ পদ নলৈ মনমোহন সিঙক প্ৰধানমন্ত্ৰী পাতিছিল

Leave A Reply

Your email address will not be published.

Translate »