Your Mic Your Voice

জম্মু-কাশ্মীৰত আক্ৰমণ: কুলগামত CRPF জোৱানৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাত তিনিজন আহত

0

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত বুধবাৰে বিয়লি সন্ত্ৰাসবাদীৰ আক্ৰমণত তিনিজন CRPF জোৱান আহত হয়।

আৰক্ষী সূত্ৰ অনুসৰি, বিয়লি প্ৰায় ২.১৫ বজাত মিৰ বজাৰৰ ওচৰৰ আখ্ৰানৰ নৌপোৰাত থকা CRPFৰ নাকা চেকপোষ্টত মটৰচাইকেলত অহা দুজন অচিনাক্ত সন্ত্ৰাসবাদীয়ে অটোমেটিক ৰাইফলেৰে গুলীচালনা কৰে।

গুলীচালনাত তিনিজন জোৱান আহত হয়। আহত জোৱানকেইজনক ততাতৈয়াকৈ অনন্তনাগৰ চৰকাৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

unimex

আহতসকলক হেড কনিষ্টবল ছোমবীৰ সিং, কনিষ্টবল ৰাকেশ দাস আৰু কনিষ্টবল সন্তোষ চান্দ্ৰু বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে সন্তোষ চান্দ্ৰুৰ পেট আৰু মেৰুদণ্ডত গুলী লাগিছে বুলি জানিব পৰা গৈছে। আন দুজনৰ এজনৰ ভৰিত আৰু আনজনৰ হাতত গুলী লাগিছে।

আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদী দুজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি নিৰাপত্তা বাহিনীয়ে ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে।

এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

Leave A Reply

Your email address will not be published.

Translate »