Your Mic Your Voice

বৰহোলাত বিমলা সোণোৱালৰ শক্তি প্ৰদৰ্শন! তিনি শতাধিক সমৰ্থকক লগত লৈ মনোনয়ন দাখিলৰ বাবে যাত্ৰা

0

সমাগত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তিতাবৰৰ ২১ নং বৰহোলা সমষ্টিত এতিয়া চাৰিওফালে কেৱল নিৰ্বাচনী উত্তাপ। প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত বৃদ্ধি পাইছে ব্যাপক উৎসাহ-উদ্দীপনা।

ইয়াৰ মাজতে আজি পুৱাই এক বিশাল শোভাযাত্ৰাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ২১ নং বৰহোলা সমষ্টিৰ প্ৰাৰ্থী বিমলা সোণোৱালে। তিনি শতাধিক সমৰ্থকক লগত লৈ মনোনয়ন দাখিলৰ উদ্দেশ্যে যাত্ৰা কৰে তেওঁ।

সমৰ্থকসকলৰ “বিমলা সোণোৱাল জিন্দাবাদ” ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ বৰহোলাৰ আকাশ-বতাহ। ঢোল-তালৰ শব্দ আৰু উৎসাহী জনতাৰ উপস্থিতিয়ে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

unimex

উল্লেখ্য যে, বিগত কাৰ্যকালতো ২১ নং বৰহোলা সমষ্টিৰ নিৰ্বাচিত সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিমলা সোণোৱালে। সেই সময়ছোৱাত সমষ্টিটোৰ উন্নয়নৰ বাবে কৰা কামৰ বাবেই পুনৰ ৰাইজৰ মৰম আৰু আস্থা লাভ কৰিছে বুলি দাবী সমৰ্থকসকলৰ।

সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন, শিক্ষা, স্বাস্থ্য আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ লক্ষ্যৰে পুনৰ ৰাইজে সমৰ্থন আগবঢ়াব বুলি আশাবাদী বিমলা সোণোৱালৰ লগতে তেওঁৰ সমৰ্থকসকল।

প্ৰণিধানযোগ্য যে, বৰহোলা সমষ্টিত এতিয়ালৈকে কেইবাজনো প্ৰাৰ্থীৰ নাম চৰ্চাত আছে যদিও বিমলা সোণোৱালৰ এই শক্তি প্ৰদৰ্শনে নিৰ্বাচনী যুঁজখন অধিক প্ৰতিদ্বন্দ্বিতাপূৰ্ণ কৰি তুলিছে। শেষত কোনে বাজি মাৰে, সেয়া সময়তহে লক্ষণীয় হ’ব।

Leave A Reply

Your email address will not be published.

Translate »