৯৯ বছৰত ভৰি দিলে ঐতিহাসিক ধুবুৰী কালীবাৰী মন্দিৰে! কালীপূজাক কেন্দ্ৰ কৰি উখল-মাখল ধুবুৰী
ভক্তি, ঐতিহ্য আৰু আধ্যাত্মিকতাৰে উখল-মাখল হৈ পৰিছে ধুবুৰী। ঐতিহাসিক ধুবুৰী কালীবাৰী মন্দিৰে এইবেলি গৌৰৱোজ্জ্বল ৯৯ বছৰত ভৰি দিলে। ৯৯সংখ্যক কালীপূজাক কেন্দ্ৰ কৰি মন্দিৰ চৌহদত এতিয়া কেৱল ভক্তৰ ভিৰ, ঢাক-ঢোলৰ শব্দ আৰু ভক্তিৰ সুৰ।
১৯২৮ চনত ধুবুৰীৰ চক বজাৰ অঞ্চলত স্থাপিত হোৱা এই ঐতিহ্যমণ্ডিত মন্দিৰটোৱে অহা বছৰ অৰ্থাৎ ২০২৭ চনত সম্পূৰ্ণ কৰিব গৌৰৱময় ১০০ বছৰ। শতবৰ্ষৰ দুৱাৰডলিত থিয় হৈ এইবেলিৰ পূজাই সেয়ে লাভ কৰিছে বিশেষ মাত্ৰা।

পুৱাৰে পৰাই মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত। দূৰ-দূৰণিৰ পৰা অহা শত শত ভক্তই মা কালীৰ চৰণত সেৱা জনাইছে, বন্তি জ্বলাই নিজৰ লগতে পৰিয়ালৰ মংগল কামনা কৰিছে।
মন্দিৰ পৰিচালনা সমিতিৰ কোষাধ্যক্ষ অৰবিন্দ পালে কয়, “এইবেলি মন্দিৰটোৱে ৯৯ বছৰত ভৰি দিছে, অহা বছৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব। বহু দূৰ-দূৰণিৰ পৰা ভক্ত আহে, সকলোৱে মাৰ আশীৰ্বাদ লয়। এই পবিত্ৰ উপলক্ষত সকলোলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।”
শতবৰ্ষলৈ আৰু মাত্ৰ এবছৰ বাকী। সেয়ে এতিয়াৰে পৰাই ভক্তপ্ৰাণ ৰাইজৰ মাজত দেখা গৈছে বিশেষ উৎসাহ-উদ্দীপনা। ঐতিহ্য আৰু আধ্যাত্মিকতাৰ পৰম্পৰা কঢ়িয়াই অনা ধুবুৰী কালীবাৰী এতিয়া শতবৰ্ষৰ অপেক্ষাত।