শেখ হাছিনাৰ নতুন পাছপ’ৰ্টৰ আবেদন পৰীক্ষা কৰি আছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ (NID) ৰ বাবে আবেদন কৰিছে।
লণ্ডনৰ প্ৰখ্যাত আইন প্ৰতিষ্ঠান Matrix Chambers ৰ অধিবক্তাসকলে নতুন দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত হাছিনাৰ বাংলাদেশী নাগৰিকত্বৰ কথা উল্লেখ কৰি, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ চুক্তিৰ অধীনত তেওঁক নতুন পাছপ’ৰ্ট আৰু NID প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন বিষয়াই জনোৱা অনুসৰি, মন্ত্ৰালয়ে পত্ৰখনৰ বিষয়বস্তু পৰীক্ষা কৰি আছে। আভ্যন্তৰীণ আলোচনাৰ পিছতহে এই বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

উল্লেখযোগ্য যে, ২০২৪ চনৰ আগষ্ট মাহত ছাত্ৰ-জনতাৰ গণ অভ্যুত্থানত চৰকাৰ পতন হোৱাৰ পিছত শেখ হাছিনাই বাংলাদেশ এৰি ভাৰতলৈ আহিছিল। তাৰ পিছতে তেওঁৰ পুৰণি পাছপ’ৰ্ট আৰু NID বাতিল কৰা হৈছিল।
সেই সময়ৰ পৰা এয়াই বাংলাদেশ চৰকাৰৰ সৈতে তেওঁৰ প্ৰথম আনুষ্ঠানিক যোগাযোগ বুলি কোৱা হৈছে।
যোৱা ৫ আগষ্টত হাছিনাই ডিচেম্বৰ মাহত বাংলাদেশলৈ ঘূৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল।
আনহাতে, আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত তেওঁৰ বিৰুদ্ধে চলি থকা গোচৰৰ বাবে তেওঁক মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে বুলিও উল্লেখ কৰা হৈছে।