Your Mic Your Voice

নোটবন্দীয়ে অৰ্থনীতি ধ্বংস কৰিলে, ভোটবন্দীয়ে ৰাজনীতি ধ্বংস কৰিছে: প্ৰধানমন্ত্ৰী মোদীক কংগ্ৰেছৰ তীব্ৰ সমালোচনা

0

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ অভিযোগ, নোটবন্দীয়ে যিদৰে দেশৰ অৰ্থনীতি ধ্বংস কৰিছিল, ঠিক তেনেদৰে এতিয়া ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) অৰ্থাৎ ‘ভোটবন্দী’য়ে দেশৰ গণতন্ত্ৰ আৰু ৰাজনীতি ধ্বংস কৰিছে।

২০১৬ চনৰ ৮ নৱেম্বৰত ঘোষণা কৰা নোটবন্দীয়ে সৰু ব্যৱসায়ী, কৃষক আৰু অসংগঠিত খণ্ডৰ মেৰুদণ্ড ভাঙি দিছিল বুলি কংগ্ৰেছে অভিযোগ কৰে। ইয়াৰ প্ৰভাৱ আজিও দেশে ভুগি আছে বুলি দলটোৱে দাবী কৰে।

unimex

এতিয়া চৰকাৰে SIR ৰ নামত প্ৰকৃত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি নিজৰ ৰাজনৈতিক সুবিধা ল’ব বিচাৰিছে বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে। বিশেষকৈ বিহাৰকে ধৰি বিভিন্ন ৰাজ্যত এই প্ৰক্ৰিয়াত অনিয়ম হোৱাৰ অভিযোগ উঠিছে।

“প্ৰধানমন্ত্ৰীয়ে প্ৰথমে নোটবন্দী কৰি অৰ্থনীতি ধ্বংস কৰিলে, এতিয়া ভোটবন্দী কৰি গণতন্ত্ৰ ধ্বংস কৰিছে” বুলি কংগ্ৰেছে মন্তব্য কৰে।

ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াত স্বচ্ছতা ৰাখিবলৈ আৰু কোনো যোগ্য ভোটাৰৰ নাম যাতে কৰ্তন নহয় তাৰ বাবে নিৰ্বাচন আয়োগক দাবী জনাইছে কংগ্ৰেছে।

Leave A Reply

Your email address will not be published.

Translate »