Your Mic Your Voice

কয়লা ছিণ্ডিকেটক লৈ সৰৱ অখিল গগৈ, মুখ্যমন্ত্ৰী-ডিজিপিলৈ পোনপটীয়া বাৰ্তা

0

দীপাৱলীৰ দিনটোতেই বিস্ফোৰক অভিযোগ তুলিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। উজনি অসমৰ শিৱসাগৰ-নাজিৰাৰ মাজেৰে পুনৰ আৰম্ভ হৈছে অবৈধ কয়লাবাহী ট্ৰাকৰ চলাচল আৰু কয়লা ছিণ্ডিকেট।

অসমবাসীক দীপাৱলীৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপিলৈ সামাজিক মাধ্যমত এক পোনপটীয়া বাৰ্তা প্ৰেৰণ কৰে অখিল গগৈয়ে।

তেওঁ কয়, নাগালেণ্ডৰ পৰা অহা ভয়ংকৰ বানপানীয়ে নাজিৰা, শিৱসাগৰ, সোণাৰি, মাহমৰা, ডিমৌ আৰু মৰিয়নি সমষ্টিৰ লাখ লাখ পৰিয়ালৰ জীৱন বিধ্বস্ত কৰি থৈ গ’ল। এই মহাপ্ৰলয়ৰ আঁৰৰ মূল কাৰণ নাগালেণ্ডৰ পাহাৰত চলা অবৈধ কয়লা খনন, শিল আৰু বালি খনন বুলি বাৰম্বাৰ দাবী কৰি আহিছে অখিল গগৈয়ে। এই ঘটনাৰ চিবিআই তদন্তও দাবী কৰি আহিছে তেওঁ।

অখিল গগৈৰ অভিযোগ অনুসৰি, নাগালেণ্ডৰ পাহাৰত অবৈধ কয়লা খননে সৃষ্টি কৰা পাপৰ খালেই বানপানীক মহাপ্ৰলয়ৰ ৰূপ দিছিল। এই অবৈধ খননৰ সৈতে ডিমৌৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই জড়িত থকাৰো গুৰুতৰ অভিযোগ তুলিছে তেওঁ।

তেওঁ কয়, তেওঁৰ প্ৰতিবাদৰ বাবেই কিছুদিনৰ বাবে বন্ধ হৈ আছিল কয়লাৰ অবৈধ বেহা। আমগুৰিৰ প্ৰাঞ্জল নামৰ ব্যক্তিজন আৰু নাগালেণ্ডৰ তুলী পাহাৰৰ কয়লা ব্যৱসায়ী গৌৰৱ ৰাণাই চেষ্টা কৰিছিল যদিও হুলস্থূলৰ ভয়ত বন্ধ ৰাখিছিল।

কিন্তু শেহতীয়া ৩ দিন ধৰি জাঁজী আৰু হাঁহচৰাৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথত ৩০-৪০ খন ডাঙৰ ট্ৰাক শিৱসাগৰমুখীকৈ ৰখাই থোৱা দেখা গৈছে। সোধা-পোছা কৰাত ওলাল যে এইবোৰ মেঘালয়ৰ পৰা নাগালেণ্ডৰ তুলী ৰে’ল ষ্টেচনলৈ আমগুৰিৰ মাজেদি যাবলগীয়া অবৈধ কয়লা কঢ়িওৱা গাড়ী।

unimex

এই বিষয়ে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইক ফোন কৰাত তেওঁ গাড়ীবোৰ নিজৰ সমষ্টিৰ মাজেদি পাৰ হ’বলৈ দিয়া নাই বুলি জনায়।

আৰু বিস্ফোৰক অভিযোগ তুলিলে অখিল গগৈয়ে। অৰুণাচলৰ খাৰচাং পাহাৰৰ পৰা শদিয়াৰ বিধায়ক বলীন চেতিয়াক টকা দি বেলতলাৰ কুখ্যাত কয়লা মাফিয়া নবীন সিংঘালে বহু অবৈধ কয়লাৰ গাড়ী উজনি অসম পাৰ কৰি গুৱাহাটী হৈ অসম-পশ্চিমবংগ সীমান্ত পোৱালেগৈ বুলি অভিযোগ তেওঁৰ।

পশ্চিমবংগৰ নৱনিৰ্বাচিত চৰকাৰৰ সৈতে দাম-দৰ নিমিলাৰ বাবে ২০০তকৈ অধিক অবৈধ ট্ৰাক এতিয়া সীমান্ততেই ৰৈ আছে বুলি তেওঁ কয়। তাৰ পাছত গৌৰৱ ৰাণা, জেকি আগৰৱালা আৰু গৌৰৱ চৌৰাছিয়াই অবৈধ কয়লাবোৰ যোৰাবাট-জাগীৰোড-নগাঁও-কাজিৰঙা হৈ যোৰহাট-শিৱসাগৰৰ মাজেৰে নাগালেণ্ডৰ তুলী বা লাকুৱা ৰে’লৱে ষ্টেচনৰ জৰিয়তে বিহাৰলৈ নিয়াৰ পৰিকল্পনা কৰিছে বুলি অভিযোগ।

ৰে’লৱেৰ পৰা অনুমতি নোপোৱাত ট্ৰাকসমূহ জাঁজী-হাঁহচৰাৰ মাজত ৰখাই থোৱা হৈছে। অখিল গগৈয়ে খবৰ পোৱা বুলি জানি মাফিয়াহঁতে কিছুমান গাড়ী টীয়কৰ সঞ্জু দত্তৰ তেল ডিপোত আৰু মেলেঙৰ টোল গেটৰ কাষত ৰখাইছে।

৩ দিন ধৰি তিনিটা ঠাইত ৩০-৪০ খন ট্ৰাক ৰখাই থোৱাৰ পাছতো যোৰহাটৰ আৰক্ষী অধীক্ষক বা টীয়ক আৰক্ষীয়ে কোনো বাধা দিয়া নাই বুলি অভিযোগ কৰে অখিল গগৈয়ে।

মুখ্যমন্ত্ৰী-ডিজিপিলৈ প্ৰত্যাহ্বান:
যদি মুখ্যমন্ত্ৰীয়ে এই কয়লা ছিণ্ডিকেটৰ ভাগ পোৱা নাই আৰু তেওঁৰ হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পইচা লোৱা নাই, তেন্তে আজিয়েই ট্ৰাকসমূহ জব্দ কৰি সৰবৰাহকাৰীক আদালতৰ জৰিয়তে কাৰাগাৰলৈ পঠিয়াওক আৰু কয়লাখিনি নিলাম কৰক।

ৰাইজৰ দলৰ কৰ্মীয়ে ঠায়ে ঠায়ে গাড়ীবোৰৰ ওপৰত চকু ৰাখিছে বুলি জনাই অখিল গগৈয়ে সকীয়াই দিয়ে, যদি এই গাড়ীবোৰ জব্দ নকৰে, তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যে ছিণ্ডিকেটৰাজৰ মূল নায়ক, সেয়া স্পষ্ট হৈ পৰিব।

Leave A Reply

Your email address will not be published.

Translate »