Your Mic Your Voice

ডাঙৰ ৰায়! আটক কৰাৰ পৰাই আৰম্ভ হ’ব ২৪ ঘণ্টা, গ্ৰেপ্তাৰৰ পৰা নহয়

0

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ ৰায় দিছে। এতিয়াৰ পৰা কোনো ব্যক্তিক মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰোৱাৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা গণনা হ’ব তেওঁক আটক (Detention) কৰাৰ মুহূৰ্তৰ পৰাই, আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ (Formal Arrest) কৰাৰ সময়ৰ পৰা নহয়।

ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু অতুল এছ চন্দুৰকাৰৰ বিচাৰপীঠে কয়, “গ্ৰেপ্তাৰ আৰু আটকৰ মাজত কৃত্ৰিম পাৰ্থক্য কৰাটো সংবিধান বিৰোধী। সংবিধানৰ ২২(২) অনুচ্ছেদ আৰু BNSS ৰ ৫৬ নং ধাৰা অনুসৰি যেতিয়াই ব্যক্তিৰ স্বাধীনতা খৰ্ব হয়, তেতিয়াৰ পৰাই ২৪ ঘণ্টা আৰম্ভ হয়।”

unimex

কি ক’লে আদালতে?

  • সোধা-পোছা বা তদন্তৰ নামত আগতে আটক কৰি ৰখা সময় বাদ দিব নোৱাৰিব।
  • কেৱল আটকৰ স্থানৰ পৰা আদালতলৈ যোৱা যাত্ৰাৰ সময়হে বাদ যাব।
  • ২৪ ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ নকৰিলে ব্যক্তিজনক তৎক্ষণাৎ মুকলি কৰি দিব লাগিব।
  • মেজিষ্ট্ৰেটে এতিয়াৰ পৰা আটকৰ প্ৰকৃত তাৰিখ আৰু সময় লিপিবদ্ধ কৰিব লাগিব।

এই ৰায় ত্ৰিপুৰাৰ এটা NDPS গোচৰত দিয়া হৈছে, য’ত ৪ জন অভিযুক্তক ২৯ ছেপ্টেম্বৰত বিয়লি ২ বজাত আটক কৰা হৈছিল যদিও আনুষ্ঠানিক গ্ৰেপ্তাৰ দেখুওৱা হৈছিল পিছদিনা পুৱা ১১ বজাত। আদালতে এই ১৮ ঘণ্টীয়া আটকক সংবিধান উলংঘন বুলি কৈ তেওঁলোকক মুকলি কৰাৰ নিৰ্দেশ দিছে।

Leave A Reply

Your email address will not be published.

Translate »