নলবাৰীত টেট শিক্ষকৰ অৱস্থান ধৰ্মঘট, ১৬ নৱেম্বৰত গুৱাহাটী ঘেৰাওৰ হুংকাৰ!
আকৌ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ল শিক্ষক সমাজ!
দীৰ্ঘ ১৪ বছৰ ধৰি প্ৰাপ্য দাবী পূৰণ নোহোৱাত ক্ষুব্ধ হৈ নলবাৰীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটত বহিল সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।
নলবাৰী জিলা সমিতিৰ সভাপতি ৰীমা ভাগৱতী আৰু সম্পাদক সঞ্জীৱ বৰ্মনৰ নেতৃত্বত জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত শ শ শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

শিক্ষকৰ অভিযোগ: চৰকাৰ আৰু শিক্ষা বিভাগে ১৪ বছৰ ধৰি কেৱল আশ্বাস দি আহিছে, সমাধান দিয়া নাই!
ডাঙৰ হুংকাৰ: দাবী পূৰণ নহ’লে প্ৰতিবাদ চলি থাকিব। অহা ১৬ নৱেম্বৰ, ২০২৬ তাৰিখে গুৱাহাটীৰ কাহিলিপাৰাস্থিত সমগ্ৰ শিক্ষা অসমৰ ৰাজ্যিক কাৰ্যালয় ঘেৰাও কৰিব শিক্ষক সমাজে।
শিক্ষক সমাজৰ স্পষ্ট বাৰ্তা – _“আমাক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰাইছে শিক্ষা বিভাগে। শৈক্ষিক ক্ষতি হ’লে দায়ী হ’ব বিভাগেই।”