Your Mic Your Voice

জুবিন গাৰ্গ হত্যাৰ ন্যায়ৰ দাবীত জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদ

0

সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি হাজাৰ হাজাৰ জনতাৰ গৰ্জনেৰে কঁপি উঠিল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জুবিন গাৰ্গ ন্যায় সমিতিৰ উদ্যোগত বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়।

সমাৱেশত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কঠোৰ ভাষাৰে কয়, “কাইলৈ যদি অভিযুক্তই জামিন পায়, পৰহিৰ পৰা হিমন্ত বিশ্ব শৰ্মাক শান্তিত শুবলৈ নিদিওঁ। জুবিনৰ হত্যাকাৰীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ ইমান মৰম কিয়?”

অখিল গগৈৰ আহ্বানত অনুষ্ঠিত এই সমাৱেশত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গক পুনৰ কাৰাগাৰলৈ পঠিওৱাৰ দাবী উঠে। অখিল গগৈয়ে বজ্ৰকণ্ঠৰে কয়, সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা পুনৰ জে’ললৈ যাবই লাগিব, সেইটো খাটাং।

unimex

উপস্থিত ৰাইজক উদ্দেশ্যি তেওঁ প্ৰশ্ন কৰে, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্তসকল জে’লত থাকিব লাগে নে বাহিৰত? এই বিষয়ত ৰাইজে দৃঢ় স্থিতি ল’বলৈ তেওঁ আহ্বান জনায়।

তেওঁ আৰু কয়, শুকুৰবাৰে কোনো কাৰণতে অভিযুক্তক জামিন দিব নালাগে। যদি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই শুকুৰবাৰে জামিন লাভ কৰে, তেন্তে ৰাইজে মুখ্যমন্ত্ৰীৰ বাসগৃহ অভিমুখে পদযাত্ৰা কৰিব।

এই গণ সমাৱেশত কেইবা সহস্ৰাধিক জনতাই জুবিনৰ ন্যায়ৰ দাবীত সৰৱ হয়। জ্যেষ্ঠ কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা, বিদ্যুৎ শইকীয়া, জ্ঞানশ্ৰী বৰা, বিকাশ অসম, মাৰ্চেল বৰুৱা, শৰৎ সৌৰভ আদি যুৱ প্ৰতিনিধিয়ে অংশ লৈ ন্যায়ৰ দাবীত ভাষণ দিয়ে।

আৰম্ভণিতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা

Leave A Reply

Your email address will not be published.

Translate »