Your Mic Your Voice

SIR বিতৰ্কত অমিত শ্বাহৰ প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিবলৈ ২০২৫ চনৰ ৰাজ্যসভাৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে টিএমচিৰ ডেৰেক অ’ব্ৰায়েনে

0

ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR)ক লৈ সংসদত বিতৰ্কৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধীক জনোৱা প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিলে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰায়েনে।

আজি বুধবাৰে (৪ নৱেম্বৰ) ডেৰেক অ’ব্ৰায়েনে ২০২৫ চনৰ ১ ডিচেম্বৰৰ ৰাজ্যসভাৰ কাৰ্যবিধিৰ দুই মিনিটৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅ’টোত তেওঁ আৰু INDIA মৰ্চাৰ আন বিৰোধী সদস্যসকলে নিৰ্বাচনী সংস্কাৰ আৰু SIR ৰ ওপৰত আলোচনাৰ বাবে সভাপতিক অনুৰোধ জনাইছিল।

unimex

X (টুইটাৰ)ত ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখে, “মোদী-শ্বাহ আৰু তেওঁলোকৰ সহযোগীসকলৰ বাবে এটা বিশেষ ভিডিঅ’। তেওঁলোকে উপহাস কৰা সংসদৰ পৰা এটা সোঁৱৰণি। ১ ডিচেম্বৰ ২০২৫, ৰাজ্যসভা। কাহিনী কোৱা দুই মিনিট। INDIA দলসমূহে SIR ৰ ওপৰত আলোচনা দাবী কৰিছিল। বিজেপিয়ে ইয়াক BLOCK কৰিছিল। আৰু আজি বিতৰ্ক বিচৰাৰ ডাঙৰ ডাঙৰ কথা!”

উল্লেখ্য যে, যোৱা মঙলবাৰে ৰায়পুৰত অনুষ্ঠিত এক অনুষ্ঠানত অমিত শ্বাহে কৈছিল যে চৰকাৰে SIR ৰ ওপৰত আলোচনা কৰিবলৈ সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিবলৈ সাজু আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক এই বিতৰ্কত অংশ ল’বলৈ প্ৰত্যাহ্বান জনাইছিল।

ইফালে নিৰ্বাচন আয়োগৰ SIR প্ৰক্ৰিয়াক লৈ ৰাজনৈতিক সংঘাত তীব্ৰতৰ হৈছে। বিৰোধীৰ অভিযোগ, এই সংশোধনীৰ ফলত বহু যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে। যোৱা ১ নৱেম্বৰত INDIA মৰ্চাই দিল্লীৰ ৰামলীলা ময়দানত এক সমাৱেশ অনুষ্ঠিত কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ জবাবদিহিতা দাবী কৰিছিল।

Leave A Reply

Your email address will not be published.

Translate »