Your Mic Your Voice

শিৱসাগৰ চিভিলত নহয় ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা! ডিব্ৰুগড় AMCH লৈ নিয়া হ’ব মৃতদেহ

0

হোটেল বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নহয়।

প্ৰাপ্ত তথ্য অনুসৰি, AMCHতহে হ’ব ঘনকান্তৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা।ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হ’ব মৃতদেহ।

চিকিৎসালয়ৰ অধীক্ষকে জনোৱা মতে, শিৱসাগৰ চিভিল হাস্পতালত নাই পৰ্যাপ্ত সুবিধা। ফৰেণচিক বিশেষজ্ঞ নথকাৰ বাবে নহয় মৰণোত্তৰ পৰীক্ষা।

unimex

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (NHRC) নিৰ্দেশনা অনুসৰি আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ব্যক্তিৰ ক্ষেত্ৰত তিনিখন পৃথক চিকিৎসালয়ৰ চিকিৎসকৰ উপস্থিতি প্ৰয়োজন।

সেই বাবে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৩ জনীয়া চিকিৎসকৰ মেডিকেল ব’ৰ্ড গঠন কৰা হৈছে। বৰ্তমান মৃতদেহ শিৱসাগৰ চিভিলৰ মৰ্গতে ৰখা হৈছে।

উল্লেখ্য যে, যোৱা নিশা ৩.১৫ বজাত ফুলপানীছিগাত আৰক্ষীৰ গুলীত নিহত হৈছিল ঘনকান্ত।

Leave A Reply

Your email address will not be published.

Translate »