পৰ্যটকৰ বাবে সুখবৰ: পবিতৰা অভয়াৰণ্যত আনুষ্ঠানিকভাৱে মুকলি হ’ল হাতী ছাফাৰী
প্ৰকৃতিপ্ৰেমী তথা পৰ্যটকসকলৰ বাবে সু-খবৰ। এশিঙীয়া গঁড়ৰ অন্যতম ঘাঁহনি পৰিসংস্থা হিচাপে পৰিচিত মৰিগাঁও জিলাৰ বিশ্ববিখ্যাত পবিতৰা অভয়াৰণ্যত আজিৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল বহুপ্ৰতীক্ষিত হাতী ছাফাৰী।
পবিতৰাৰ হাতী কেম্পৰ টাৱাৰত ফিটা কাটি বনাঞ্চলিক বিষয়া উজ্জ্বল চৌধুৰীয়ে হাতী ছাফাৰীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত স্থানীয় বিশিষ্ট লোক আৰু বন বিভাগৰ কৰ্মী উপস্থিত থাকে।

অভয়াৰণ্য কৰ্তৃপক্ষই জনোৱা মতে, প্ৰথম পৰ্যায়ত সাতটাকৈ হাতীৰে ছাফাৰীৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান অভয়াৰণ্যখনত মুঠ ১৫ টা পোহনীয়া হাতী আছে।
প্ৰথম দিনটোতে মুম্বাই, গুজৰাট, তামিলনাডুৰ পৰা অহা দেশীয় পৰ্যটকৰ লগতে বিদেশী পৰ্যটকেও হাতীৰ পিঠিত উঠি অভয়াৰণ্য ভ্ৰমণ কৰে।
উল্লেখ্য যে, যোৱা ১৩ অক্টোবৰত পবিতৰাত জীপ ছাফাৰী মুকলি কৰা হৈছিল। জীপ ছাফাৰীৰ পাছত হাতী ছাফাৰী মুকলি হোৱাত পবিতৰাৰ পৰ্যটনলৈ নতুন মাত্ৰা সংযোজন হ’ল।