Your Mic Your Voice

ৰাজধানীৰ গুৰুত্বপূৰ্ণ অঞ্চলত ৬০ দিনীয়া নিষেধাজ্ঞা, উচ্চতম ন্যায়ালয়ত দিল্লী আৰক্ষীৰ স্পষ্টীকৰণ

0

দিল্লী আৰক্ষীয়ে আজি উচ্চতম ন্যায়ালয়ত জনাইছে যে ৰাজধানী দিল্লীৰ কেতবোৰ গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল অঞ্চলত সম্ভাৱ্য অশান্তি আৰু বিশৃংখলতা ৰোধ কৰাৰ উদ্দেশ্যে ৬০ দিনৰ বাবে নিষেধাজ্ঞামূলক আদেশ জাৰি কৰা হৈছিল।

আৰক্ষীৰ মতে, এই আদেশ ‘ex-parte’ অর্থাৎ একপক্ষীয়ভাৱে জাৰি কৰা হৈছিল। কোনো পক্ষৰ শুনানি নোলোৱাকৈ পৰিস্থিতিৰ গুৰুত্ব লক্ষ্য কৰি তৎকালীনভাৱে এই সিদ্ধান্ত লোৱা হৈছিল।

unimex

দিল্লী আৰক্ষীয়ে ন্যায়ালয়ত দাখিল কৰা শপতনামাত উল্লেখ কৰিছে যে ৰাষ্ট্ৰীয় ৰাজধানীৰ কিছুমান বিশেষ জ’নত আইন-শৃংখলা পৰিস্থিতি অক্ষুণ্ণ ৰাখিবলৈ আৰু জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত এনে পদক্ষেপ লোৱাটো অত্যন্ত প্রয়োজনীয় আছিল।

উল্লেখযোগ্য যে এই নিষেধাজ্ঞাক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰাৰ পিছতে বিষয়টো উচ্চতম ন্যায়ালয় পাইছিলগৈ।

Leave A Reply

Your email address will not be published.

Translate »