শিৱসাগৰত এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ
অৱশেষত এনকাউণ্টাৰত নিহত হ’ল চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অভিযুক্ত ঘাতক ঘনকান্ত গগৈ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আনি থকা অৱস্থাতে সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। পুৱতি নিশা প্ৰায় ৩:১০ বজাত শিৱসাগৰৰ ফুলপানী চিগাত এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, ফুলপানী চিগাৰ ৰংমন ধাবাৰ সমীপত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল ঘনকান্তই। তাৰ পিছতেই আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিবলগীয়া হয়।
গুলীবিদ্ধ হোৱাৰ পিছত ততাতৈয়াকৈ ঘনকান্তক হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। শৰীৰত এটা গুলী লগাৰ ফলত মৃত্যু হয় ঘনকান্ত গগৈৰ।