আমেৰিকাৰ ইতিহাসত নতুন অধ্যায়: প্ৰথম কৃষ্ণাংগ হাউচ স্পীকাৰ হ’বলৈ সাজু হাকিম জেফ্ৰিজ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতিত এক ঐতিহাসিক মুহূর্তৰ সৃষ্টি হ’বলৈ গৈ আছে। ডেমক্ৰেটিক পাৰ্টীৰ জ্যেষ্ঠ নেতা হাকিম জেফ্ৰিজ আমেৰিকাৰ প্ৰতিনিধি সভা (House of Representatives) ৰ প্ৰথমগৰাকী কৃষ্ণাংগ অধ্যক্ষ (Speaker) হিচাপে নিৰ্বাচিত হোৱাৰ দিশে আগবাঢ়িছে।
৫৪ বছৰীয়া জেফ্ৰিজ বর্তমান হাউচত ডেমক্ৰেটিক দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। নিউয়ৰ্কৰ পৰা ৮ বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা জেফ্ৰিজে দীর্ঘদিন ধৰি নাগৰিক অধিকাৰ আৰু সামাজিক ন্যায়ৰ বাবে মাত মাতি আহিছে।

আমেৰিকাৰ প্ৰতিনিধি সভাৰ ২৩৫ বছৰীয়া ইতিহাসত আজিলৈকে কোনো কৃষ্ণাংগ নেতাই অধ্যক্ষৰ আসনত বহা নাই। যদি জেফ্ৰিজ নিৰ্বাচিত হয়, তেন্তে এয়া কেৱল ডেমক্ৰেটিক দলৰ বাবেই নহয়, সমগ্ৰ আমেৰিকাৰ বাবে এক গৌৰৱময় আৰু ঐতিহাসিক ঘটনা হিচাপে পৰিগণিত হ’ব।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, জেফ্ৰিজৰ নেতৃত্বত হাউচত নতুন দিশ আৰু অন্তর্ভুক্তিমূলক ৰাজনীতিৰ সূচনা হ’ব। তেওঁৰ এই উত্থানে আমেৰিকাৰ কৃষ্ণাংগ সম্প্ৰদায়ৰ বাবে এক বৃহৎ প্ৰেৰণা হিচাপে কাম কৰিব।
বর্তমান ভোটগণনা আৰু দলীয় সমর্থনৰ প্ৰক্ৰিয়া চলি আছে আৰু সকলোৰে দৃষ্টি এতিয়া ওৱাশ্বিংটনৰ কেপিট’ল হিলৰ ওপৰত নিবদ্ধ।