Your Mic Your Voice

তেজপুৰত ড্ৰাগছসহ মহিলা গ্ৰেপ্তাৰ

0

তেজপুৰ: তেজপুৰত ড্ৰাগছসহ এগৰাকী মহিলা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। খনামুখ মাজৰটিকাৰ পৰা হাজেৰা খাতুন নামৰ মহিলাগৰাকীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে মহাভৈৰৱ আৰক্ষীয়ে।

unimex

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হাজেৰা খাতুনৰ ঘৰত অভিযান চলাই মুঠ ৪০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ মুঠ ওজন প্ৰায় ৬.৭৮ গ্ৰাম।

ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ড্ৰাগছখিনি ক’ৰ পৰা অনা হৈছিল আৰু ইয়াৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.

Translate »