জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত বিশ্বনাথত প্ৰতিবাদ
বিশ্বনাথ: মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণ আৰু নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা ৰক্ষাৰ দাবীত আজি বিশ্বনাথত বাওঁদলসমূহে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
বিশ্বনাথৰ বীণাপাণি নাট্য মন্দিৰৰ সন্মুখত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত CPI(M), CPI আৰু CPI(ML)-কে ধৰি বাওঁপন্থী দলৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা অক্ষুণ্ণ ৰখাৰ দাবী জনায়।

প্ৰতিবাদস্থলীত অংশগ্ৰহণকাৰীসকলে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে তেওঁৰ অপসাৰণৰ দাবী উত্থাপন কৰে। “জ্ঞানেশ কুমাৰক অপসাৰণ কৰক”, “ভাৰতৰ গণতন্ত্ৰ ৰক্ষা কৰক”, “বিজেপি চৰকাৰ হায় হায়” আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
দেশৰ বিভিন্ন প্ৰান্তত SIR তথা নিৰ্বাচনী ব্যৱস্থাক লৈ চলি থকা বিতৰ্কৰ মাজতে বাওঁদলসমূহেও জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।