অসমত চৰকাৰৰ উন্নয়ন আৰু কল্যাণমূলক পদক্ষেপসমূহৰ ওপৰত আলোকপাত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালেৰ
গুৱাহাটী: সামাজিক ন্যায় আৰু সবলীকৰণৰ ৰাজ্যমন্ত্ৰী ৰামদাস আথাৱালেই আজি গুৱাহাটীৰ এখন সংবাদ মেলত সংবাদ মাধ্যমৰ আগত ভাষণ দি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন আৰু কল্যাণমূলক পদক্ষেপৰ ওপৰত আলোকপাত কৰে।
আথাৱালে কয় যে কেন্দ্ৰীয় চৰকাৰ সমাজৰ সকলো শ্ৰেণীৰ উন্নয়ন, কল্যাণ আৰু সবলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ অসমৰ আন্তঃগাঁথনিৰ দ্ৰুত বিকাশৰ ওপৰত আলোকপাত কৰি কয় যে উন্নত আন্তঃগাঁথনিৰ ফলত ৰাজ্যখনৰ জনসাধাৰণৰ বাবে উন্নত সুবিধা আৰু অধিক সূচলতা সৃষ্টি হৈছে। তেওঁ লগতে ৰাজ্যখনৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ দিশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ শলাগ লয়।
চৰকাৰৰ বিভিন্ন ধবজাবাহী আঁচনিৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী জন ধন যোজনা (পিএমজেডিৱাই) ৰ অধীনত লাভ কৰা সাফল্যসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অসমকে ধৰি সমগ্ৰ দেশৰ কোটি কোটি লোক এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। তেওঁ কয় যে অসমত প্ৰায় ২ কোটি একাউণ্টকে ধৰি সমগ্ৰ দেশতে ৫৯কোটিৰো অধিক জন ধন একাউণ্ট খোলা হৈছে।

মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই) ৰ ওপৰতো আলোকপাত কৰি কয় যে ৰাজ্যখনৰ উদ্যোগী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক সহায় কৰি অসমত প্ৰায় ১.৩৪ কোটি মুদ্ৰা ঋণ প্ৰদান কৰা হৈছে।
যুৱক-যুৱতীসকলৰ প্ৰসংগেৰে আথাৱালে কয় যে চৰকাৰে যুৱক-যুৱতীসকলৰ শৈক্ষিক আৰু অৰ্থনৈতিক সবলীকৰণক সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। যোগ্য শিক্ষাৰ্থীসকলক শিক্ষাৰ সুবিধা আৰু ভৱিষ্যতৰ সুযোগ বৃদ্ধিৰ বাবে বৃত্তি প্ৰদান কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে প্ৰতি বছৰে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে সমগ্ৰ দেশতে ১কোটিৰো অধিক যোগ্য অনুসূচীত জাতি (এছচি) আৰু অনুসূচীত জনজাতি (এছটি) ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদান কৰে।
ইয়াৰ পূৰ্বে তেও অসম ভ্ৰমণৰ সময়ত ধুবুৰী জিলাৰ চাপাৰত ড০ বাবাচাহেব আম্বেদকাৰ ভৱন উদ্বোধন কৰিছিল।