Your Mic Your Voice

বজালীত নিশা চুৰিকাণ্ড, পাঁচ তোলা সোণসহ নগদ ধন লুট

0

বজালী: বজালীৰ টুপ্লাই পাণবাৰীত নিশা সংঘটিত হৈছে চুৰিকাণ্ড। উপেন্দ্ৰ পাঠক নামৰ লোকজনৰ বাসগৃহত ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান।

ঘৰৰ পিছফালৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰ। চোৰে ঘৰৰ পৰা পাঁচ তোলা সোণ আৰু নগদ ধন লৈ উধাও হয়।

unimex

ইফালে, চুৰিকাণ্ডৰ এদিন পূৰ্বে বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে আৰক্ষীক চোৰ ধৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছিল। বিধায়কৰ এই আহ্বানৰ ২৪ ঘণ্টা নৌহওঁতেই পুনৰ চুৰিকাণ্ড সংঘটিত হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে পাটাছাৰকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলীত তদন্ত আৰম্ভ কৰাৰ লগতে চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.

Translate »