Your Mic Your Voice

বান সাহায্য-ক্ষতিপূৰণৰ দাবীত চচলত উজনি অসমৰ বানাক্ৰান্তৰ প্ৰতিবাদ

0

গুৱাহাটী: জুলাইৰ ভয়ংকৰ বানত ক্ষতিগ্ৰস্ত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ শ শ বানাক্ৰান্ত লোকে বুধবাৰে গুৱাহাটীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দলৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত বহু মহিলা আৰু শিশুৱেও অংশগ্ৰহণ কৰে।

বানৰ কেইবামাহৰ পাছতো বহু ক্ষতিগ্ৰস্ত পৰিয়ালে চৰকাৰী সাহায্য লাভ কৰা নাই বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে। ঘৰ-বাৰী, কৃষিভূমি, শস্য আৰু পশুধন হেৰুৱাই বহু পৰিয়াল এতিয়াও সংকটত থকা বুলি তেওঁলোকে জানিবলৈ দিয়ে।

প্ৰতিবাদকাৰীসকলে ক্ষয়-ক্ষতিৰ পুনৰ মূল্যায়ন, যোগ্য প্ৰতিগৰাকী বানাক্ৰান্তক শীঘ্ৰে সাহায্য আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনায়। প্ৰতিবাদৰ পাছত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত সমদল উলিওৱা হয়।

unimex

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই অভিযোগ কৰে যে চৰকাৰে ঘোষণা কৰা ১৫ হাজাৰ টকাৰ সাহায্যও প্ৰায় ৪০ শতাংশ বানাক্ৰান্তই লাভ কৰা নাই। আনহাতে, ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাই ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

ইফালে অখিল গগৈয়ে জুলাইৰ বানৰ কাৰণ অনুসন্ধানৰ বাবে তদন্তৰ দাবী জনাই আহিছে।

উল্লেখ্য, জুলাই মাহৰ বানত উজনি অসমৰ কেইবাখনো জিলাত ব্যাপক ক্ষয়-ক্ষতিৰ লগতে বহু লোকৰ মৃত্যু হৈছিল। বানৰ পাছতো পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণক লৈ ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত অসন্তুষ্টি অব্যাহত আছে।

Leave A Reply

Your email address will not be published.

Translate »