পুৰণিগুদামত ভয়ংকৰ দুৰ্ঘটনা, জীৱন্তে অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্যু
নগাঁও: নগাঁৱৰ পুৰণিগুদামত সংঘটিত হৈছে শিহৰণকাৰী পথ দুৰ্ঘটনা। ডিভাইদাৰত প্ৰচণ্ড খুন্দা মৰাৰ পাছতে পথৰ ওপৰতে দাউদাউকৈ জ্বলি উঠে এখন দ্ৰুতবেগী বাহন।
দুৰ্ঘটনাত এগৰাকী মহিলা জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে আন দুজন লোক আহত হয়। ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত।

জানিব পৰা মতে, AR-01W-5107 নম্বৰৰ KIA বাহনখন অৰুণাচল প্ৰদেশৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। দ্ৰুতবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা মৰাৰ পাছতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।