বিশ্বনাথত প্রয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন
বিশ্বনাথ চাৰিআলি: অসমৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী প্রয়াত জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনটোত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁক স্মৰণ কৰিছে ।
আজি বিশ্বনাথতো এক আবেগিক পৰিৱেশৰ মাজত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয় । বিশ্বনাথ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা ‘বীৰ ভূমিত প্রয়াত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠান সম্পন্ন হয় ।
জুবিন সামাজিক, সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু বিশ্বনাথ সন্মিলিত যুৱ মঞ্চ তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠানৰ আয়োজন কৰা হয় ।

প্ৰতিমূৰ্তি উন্মোচন কৰে জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক মানস ৰবীনে ।
অনুষ্ঠানত জুবিন গাৰ্গৰ কালজয়ী মায়াবিনী ৰাতিৰ বুকুত গীতটি বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰে ।
অনুষ্ঠান সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰে শুভাৰম্ভণি হয় আয়োজক সকলে জনায় যে, এই প্ৰতিমূৰ্তিয়ে নতুন প্ৰজন্মক জুবিন গাৰ্গৰ সৃষ্টি আৰু আদৰ্শৰ সৈতে সদায় চিনাকি কৰাই ৰাখিব ।